বিশ্বনাথত দুৰ্গাপূজা পৰিচালনা সন্দৰ্ভত প্ৰশাসনৰ ৰাজহুৱা সভা

 09/11/2019 - 14:51

বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাগৃহত মঙলবাৰে বিয়লি আয়োজিত এক ৰাজহুৱা বৈঠকত জিলাখনত বিজয়া দশমীৰ দিনা প্ৰতিমা বিসৰ্জ্জনৰ ব্যৱস্থাপনা আৰু বিশ্বনাথ চাৰিআলি চহৰত দুৰ্গাপূজা পৰিচালনা সন্দৰ্ভত বিভিন্ন দিশ আলোচনা কৰা হয়। অতিৰিক্ত উপায়ুক্ত প্ৰদীপ কুমাৰ সূত্ৰধৰৰ সঞ্চালনাত অনুষ্ঠিত এই বৈঠকত বিশ্বনাথ জিলাৰ পূজা মণ্ডপসমূহে কোন কোন ঘাটত তেওঁলোকৰ প্ৰতিমাসমূহ বিসৰ্জ্জন দিব লাগিব, তাৰ এক সবিশেষ পৰিকল্পনা যুগুতোৱা হয়। প্ৰতিমা বিসৰ্জনস্থলীত বাঁহৰ বেৰিকেড দিয়া, নিৰ্দিষ্ট এলেকাৰ পূজা মণ্ডপসমূহে নিৰ্দিষ্ট ঘাটতহে প্ৰতিমা বিসৰ্জন দিয়া, প্ৰতিমা বিসৰ্জনৰ দিনা প্ৰয়োজনাধিক যান-বাহনেৰে অযথা যান-জঁটৰ সৃষ্টি নকৰা আদি বিভিন্ন দিশ খৰচি মাৰি আলোচনা হোৱা আজিৰ বৈঠকত বিশ্বনাথ চাৰিআলি চহৰত দুৰ্গাপূজা সূচাৰুৰূপে পৰিচালনাৰ বাবে বিগত বৰ্ষৰ দৰে এইবাৰো এখন কেন্দ্ৰীয় পূজা পৰিচালনা সমিতি গঠনৰ সিদ্ধান্ত লোৱা হয়।

এই সমিতিখন গঠনকে ধৰি পূজা পৰিচালনা সন্দৰ্ভত আন কেতবোৰ দিশ আলোচনাৰ বাবে অতি সোনকালেই অন্য এখন বৈঠক আয়োজন কৰা হ’ব। বিশ্বনাথ চাৰিআলিৰ প্ৰতিখন পূজা মণ্ডপৰ সভাপতি-সম্পাদকসকল এই সমিতিৰ সদস্য হিচাপে থাকিব। এই সমিতিয়ে বিশ্বনাথ চাৰিআলি চহৰত দুৰ্গাপূজাৰ দিনকেইটাত আইন-শৃংখলা ৰক্ষাকে ধৰি সকলোধৰণৰ দিশত আৰক্ষী আৰু প্ৰশাসনক সহযোগিতা আগবঢ়াব। সভাত উপস্থিত থকা বৃহত্তৰ বিশ্বনাথ চাৰিআলি অঞ্চলৰ সচেতন ব্যক্তিসকলে পূজাৰ দিনকেইটাত মণ্ডপসমূহত উচ্চ প্ৰাৱল্যৰ শব্দ আৰু মাত্ৰাধিক আতচবাজী নিয়ন্ত্ৰণ, যান-জঁট দূৰীকৰণৰ বাবে যান-বাহন চলাচলৰ বিকল্প পথসমূহৰ উপযুক্ত মেৰামতিৰ ব্যৱস্থা, অবৈধ অৰুণাচলী মদ তথা নিচাযুক্ত দ্ৰব্যৰ বেহা নিয়ন্ত্ৰণ, উদণ্ড বাইকাৰ্ছ নিয়ন্ত্ৰণ আদি বিভিন্ন দিশ আলোচনা কৰি এইক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক অনুৰোধ জনায়। এইক্ষেত্ৰত সকলোধৰণৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত সাৰথি বৰাই কৰ্তব্য ৰূপায়ণত আৰক্ষী-প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ পূজা পৰিচালনা সমিতি আৰু ৰাইজলৈ আহ্বান জনায়।

এইবাৰৰ পূজাত প্লাষ্টিকজাতীয় সামগ্ৰী সমূলি বৰ্জন কৰাৰ লগতে বিশ্বনাথৰ প্ৰতিখন পূজামণ্ডপ সম্পূৰ্ণ ধপাতমুক্ত হ’ব লাগিব বুলি ঘোষণা কৰি এক শান্তিপূৰ্ণ পৰিৱেশত পূজা উদযাপন কৰিবলৈ পূজা সমিতিসমূহৰ লগতে ৰাইজলৈ প্ৰশাসনে আহ্বান জনায়। আৰু এইক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে। আজিৰ সভাত বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, অতিৰিক্ত উপায়ুক্ত পাৰিজাত ভূঞা, চক্ৰ বিষয়া, সহকাৰী আয়ুক্তসকলৰ লগতে প্ৰশাসনৰ অন্যান্য বিষয়ববীয়াসকল তথা স্থানীয় বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি, পূজা সমিতিৰ প্ৰতিনিধি, সংবাদকৰ্মী আৰু কেইবাগৰাকীও সচেতন ব্যক্তি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।