শিক্ষানুষ্ঠানত সংঘটিত হৈছে ভয়াৱহ ৰেগিং কাণ্ড

 09/11/2019 - 15:16

যোগীঘোপাঃ ৰাজ্যত সংঘটিত হৈছে ৰেগিং কাণ্ড। গুৱাহাটী বৰঝাৰস্থিত মাইলছ ব্ৰনছন বিদ্যালয়ত ৰেগিং কাণ্ড। আধা বাটতে শিক্ষা সাং কৰি উভতিলে যোগীঘোপাৰ এগৰাকী মেধাৱী ছাত্র। জ্যেষ্ঠ ছাত্ৰৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰত বলি চেলিমুদ্দিন নামৰ বাণিজ্য শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰজন। অসমৰ এখন আগশাৰীৰ বিদ্যালয়ত মাহৰ পিছত মাহ ধৰি ৰেগিং কাণ্ড সংঘটিত হৈ অহাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে মাইলছ ব্ৰনছন গুৱাহাটী বৰঝাৰস্থিতি ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানত।

উত্তৰ-পূৰ্বাঞ্চলৰ শৈক্ষিক যাত্ৰাৰ অন্যতম প্ৰাণকেন্দ্ৰ। মানসিক ভাৱে অত্যাচাৰ কৰাৰ লগতে কেতিয়াবা শাৰীৰিক অত্যাচাৰৰ বলি হ’বলগীয়া হয় ছাত্রগৰাকী। এই সন্দৰ্ভত ছাত্রজনে বিদ্যালয় কতৃপক্ষক অৱগত কৰিব বিচৰাত জ্যেষ্ঠ ছাত্রই মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল, যাৰ ফলত বহুবাৰ বিদ্যালয় কতৃপক্ষক অবগত কৰিব বিচাৰি ঘূৰি আহিবলগীয়া হৈছিল।

-কিন্তু পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি মাইলছ ব্ৰনছন এখন আবাসিক বিদ্যালয়, ছাত্র-ছাত্ৰীক নিয়ন্ত্ৰণ কৰাৰ সম্পূৰ্ণ দায়িত্ব বিদ্যালয় কতৃপক্ষৰ। এইক্ষেত্ৰত চূড়ান্ত ব্যৰ্থ হৈছে বিদ্যালয় কৰ্তৃপক্ষ। বিদ্যালয় কৰ্তৃপক্ষই বিষয়টোক গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ছাত্ৰগৰাকীৰ পৰিয়ালে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।