মৰিগাঁওত নিৰুদ্দেশ এজন যুৱক

 09/11/2019 - 15:26

লাহৰীঘাটঃ যোৱা চাৰিদিন ধৰি মৰিগাঁও জিলা লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত টেঙাগুৰিৰ এজন যুৱক নিৰুদ্দেশ হৈ আছে বুলি পৰিয়ালৰ লোকে সংবাদ মাধ্যমক জানিব দিয়ে। নিৰুদ্দেশ হোৱা লোকজন টেঙাগুৰি কাছাৰী গাঁৱৰ আব্দুল খালেকৰ পুত্ৰ জুলহাছ আলী(৩৫)। চাৰিদিন পূৰ্বে দৰঙৰ পৰা যন্ত্ৰচালিত নাৱেৰে আহি লাহৰীঘাটৰ গৰম বজাৰ ঘাটৰ পৰা নিৰুদ্দেশ হয় ব্যক্তিজন।

ইপিনে নিৰুদ্দেশ হোৱা ব্যক্তিজন মানসিকভাৱে বিকাৰগ্ৰস্তৰ লগতে মুখ বধিৰ বুলি জানিব পৰা গৈছে। যদি কোনো সদাশয় ব্যক্তিয়ে লোক জনক দেখা পায় তেন্তে 7002332593/6900674820 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।