পূজাৰ বতৰ, দিন-ৰাতি একাকাৰ কৰি মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত শিল্পীসকল

 09/11/2019 - 15:43

নলবাৰীঃ বৰ্ষাসিত এই সময়ে অপেক্ষাৰত আহিনলৈ, আহিনৰ বোকোচাত উঠি আকৌ আহিল শৰৎ। শাৰদীয় উৎসৱৰ বাবে প্ৰস্তুুতি আৰম্ভ। আৰম্ভ হৈছে শিল্পীসকলৰ ব্যস্ততা। গনেশ চতুৰ্থীৰ পিছতেই ৰাজ্যত আৰম্ভ হয় পূজাৰ বতৰ। প্ৰতি বছৰৰ দৰে ৰাজ্যবাসীয়ে এইবছৰো সাজু দুৰ্গোউৎসৱলৈ। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে সমান্তৰালভাবে ব্যস্ততা বাঢ়িছে নলবাৰীৰ মৃৎ শিল্পীসকলৰো।

নলবাৰী চহৰৰ গোপালবজাৰ মৃৎ শিল্পী বিজু পালৰ গৃহত এইদৰে শিল্পীসকল প্ৰতিমা নিৰ্মানত ব্যস্ত হৈ পৰিছে। তেওঁলোকৰ হাতত প্ৰান পাই উঠিছে বিভিন্ন দেৱ-দেৱীৰ প্ৰতিমূৰ্তি। মাথো প্ৰতিমা সমূহত শেষ পৰশ দিবলৈ অপেক্ষাৰত মৃৎ শিল্পী সকল। নলবাৰী বৰমাৰ লগতে বিভিন্ন ঠাইৰ পূজামণ্ডৱ শুৱনি কৰিব এই প্ৰতিমা সমূহে। প্ৰান দিব পূজামণ্ডৱ সমূহক। আধুনিকতাৰ ৰং সানি জাকত জিলিকা কৰাৰ লক্ষ্যৰে এইদৰে প্ৰতিমা সমূহক প্ৰান দিবলৈ অহৰহ প্ৰচেষ্টা চলাই গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।