মাৰ্ঘেৰিটাৰ পৰা দুগৰাকী বোৱাৰী নিৰুদ্দেশ

 09/11/2019 - 15:48

ডিগবৈঃ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত সঘনাই সংঘটিত হ’বলৈ ধৰিছে নাৰী অপৰাধজনীত ঘটনা। ৯ ছেপ্তেম্বৰটো তেনে ধৰণৰ দুটা ঘটনা সংঘটিত হয়। মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত কেটেটং আৰু খামন পথাৰ অঞ্চলত। কেটেটং অঞ্চলৰ টাং গুমজু নামৰ লোকজনৰ পত্নী ৰূপা চিংফৌ গুমজু দিনৰ ১১ বজাৰ পৰা নিৰুদ্দেশ হয়।

দুটা সন্তানৰ মাতৃ গৰাকী সন্তান দুটিক এৰি ক'লৈ গ'ল এয়ালৈ এতিয়া পৰিয়ালবৰ্গ চিন্তিত হৈ পৰিছে। একেদিনাই খামন পথাৰ অঞ্চলৰ পৰাও নিৰুদ্দেৰ্শ হয় আন এগৰাকী বোৱাৰী।

খামন পথাৰ অঞ্চলৰ নমি মুণ্ডুৰ পত্নী মুনু মুণ্ডুৰ নিৰুদ্দেশৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে বোৱাৰী দুগৰাকী তিনিচুকীয়া জিলাত সক্ৰিয় হৈ থকা নাৰী সৰবৰাহকাৰীৰ চক্ৰৰ কৱলত পৰাৰ সন্দেহ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।