যোৰহাটত মৃতদেহ উদ্ধাৰ

 09/11/2019 - 16:19

যোৰহাটঃ যোৰহাটৰ উপকণ্ঠৰ গড়মূৰ আৰক্ষী চকীৰ কাছগড়ালৰ এটা বালি মহলত মৃতদেহ উদ্ধাৰ। ঘটনাৰ বিৱৰণী অনুসৰি নিচাসক্ত অৱস্থাত প্ৰথমে ছানি ভূঞা আৰু অনু শইকীয়াৰ সামান্য কথাতে কথাৰ কটাকটি হৈছিল আৰু পিছত দুয়োজনে ইজনে সিজনক মাৰপিত কৰে। তাৰ মাজতেই চেগ বুজি ঘটনাস্থলীৰ পৰা ছানি ভূঞা পলায় যায় যদিও পিছে পিছে অনুয়ে খেদি যায় বুলি উল্লেখ কৰে প্ৰত্যক্ষদর্শীয়ে।

আজি পুৱা স্থানীয় লোকে ছানি ভূঞাৰ মৃতদেহটো প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু অনু শইকীয়াক গ্ৰেপ্তাৰ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।