ৰাজপথত সদ্যজাত শিশু উদ্ধাৰ

 09/11/2019 - 16:20

যোৰহাটঃ যোৰহাটত সদ্যজাত দেৱ শিশু উদ্ধাৰ৷ যোৰহাটৰ চেনিজানৰ ৰাজপথৰ কাষত উদ্ধাৰ হয় দেৱ শিশুটো। কোনো পাষান মাতৃয়ে পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয়লোক আৰু আৰক্ষীৰ৷ সদ্যজাত দেৱ শিশুটি কন্যা সন্তান হোৱা বাবে নিজৰ কু-কৰ্ম ঢাকিবলৈ ৰাজপথৰ কাষত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয়লোকে৷

চেনিজানৰ এই ঘটনাৰ পাছত যোৰহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ কোন দিশত আগবাঢ়ি গৈছে আমাৰ এই সভ্য সমাজখন। যোৰহাট আৰক্ষী উপস্থিত হয় শিশুটোক উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ বৰ্তমান শিশুটো যোৰহাট চিকিৎসা মহাবিদ্যালয় আই চি ইউত চিকিৎসাধীন৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।