ৰঙিয়া ৰেলৱে মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত ৰেল কৰ্মচাৰীৰ ধৰ্ণা

 09/11/2019 - 17:04

ৰঙিয়াঃ কেন্দ্ৰীয় চৰকাৰৰ ৰেল মন্ত্ৰালয়ে দেশৰ অৰ্থিক ব্যৱস্থাটোৰ প্ৰতি লক্ষ্য ৰাখি ৰেল বিভাগৰ যি সকল কৰ্মচাৰীৰ ইতিমধ্যে ৫৫ বছৰ হৈছে সেই সকল কৰ্মচাৰীক চাকৰিৰ পৰা অৱসৰ দিয়াৰ সিদ্ধান্ত লৈছে। চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোদ্ধে প্ৰতিবাদত নামিছে ৰেল কৰ্মচাৰী সকলে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোদ্ধে আজি ৰঙিয়াত ৰেলৱৈ এমপ্লইজ ইউনিয়নে ৰঙিয়া ৰেলৱৈ মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে।

শতাধিক ৰেল কৰ্মচাৰীয়ে অশংগ্ৰহন কৰা প্ৰতিবাদী কাৰ্য্যসূচীত কেন্দ্ৰীয় চৰকাৰৰ এনে একপক্ষীয় সিদ্ধান্তৰ বিৰোদ্ধে নানাধৰণে স্লো'গান দিয়ে কৰ্মচাৰীসকলে। কেন্দ্ৰীয় চৰকাৰে অচিৰেই ৰেল কৰ্মচাৰীৰ বিৰুদ্ধে লোৱা এনেধৰণৰ সিদ্ধান্ত যদিহে কাৰ্য্যক্ষম কৰে তেতিয়া হলে সমগ্ৰ উত্তৰ পূৱতে অ'নিদিষ্ট সময়লৈ ৰেল চলাচল বন্ধ কৰি দিয়াৰ উপৰিও কৰ্মচাৰী সকল কাৰ্যালয়ৰ কাম কাজৰ বিপৰীতে আন্দোলনত নামি পৰিব বুলি প্ৰতিবাদকাৰী ৰেল কৰ্মচাৰী সকলে হুংকাৰ দিছে। ইফালে পুঁজাৰ বনাচৰ ক্ষেত্ৰটো ৰেল মন্ত্ৰালয়ে ৰেল কৰ্মচাৰী সকলক বঞ্চিত কৰিব বিচৰাত প্ৰতিবাদকাৰী সকলে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

প্ৰতিবাদী ৰেল এম্পলইজ ইউনিয়নৰ নেতা সকলে সংবাদ মাধ্যমক অৱগত কৰি কয় যে দুই এদিনতে বিষয়টোেৰ সন্দৰ্ভত উচ্চপৰ্যায়ৰ বিষয়াৰ লগত আলোচনা কৰা হব। যদিহে পূজাৰ ভাট্টা সন্দৰ্ভত বিষয়া সকলে আকোৰগোজ স্হিতি গ্ৰহণ কৰে তেতিয়া হ’লে গনতান্ত্ৰিক আন্দোলনৰে কঁপি উঠিব ৰেল বিভাগত ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।