দিনে দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ বেহা

 09/13/2019 - 13:54

কৰিমগঞ্জঃ কৰিমগঞ্জত দিনে দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ বেহা আৰু ড্ৰাগছ সেৱনকাৰী। এই নিচা সেৱনৰ মাত্ৰা দিনেদিনে বৃদ্ধি পাইছে। আৰক্ষী প্ৰশাসনে ইয়াৰ বিৰুদ্ধে এতিয়ালৈকে সঠিক পদক্ষেপ গ্ৰহণ নকৰাকলৈ তীব্ৰ ক্ষোভ পোহৰলৈ আহে কৰিমগঞ্জ জিলাৰ নিলামবজাৰৰ ৰাইজৰ মাজত। ইয়াত স্হানীয় ৰাইজে এই অবৈধ ব্যৱসায়ী আৰু সেৱনকাৰী যুৱকক ধৰি গতাইছে সাধাৰণ ৰাইজক।

ৰাইজে ড্ৰাগছ সেৱনকাৰীক দিলে উত্তমমধ্যম। বৃহস্পতিবাৰে  নিলামবজাৰ ৰাইজে বিভিন্ন ঠাইৰ পৰা ড্ৰাগছ সেৱন আৰু বেহাৰ লগত জড়িত ৰাজিব আলি নামৰ লোকজনক আটক কৰি নিলামবজাৰ আৰক্ষীৰ হাতত গতাই দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।