অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত বটদ্ৰৱাত 'আইন সেৱা শিবিৰ'

 09/13/2019 - 19:43

বটদ্ৰৱাঃ অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী তথা নগাঁও জিলা প্ৰশাসনৰ সহযোগত অহা ২২ ছেপ্টেম্বৰত বটদ্ৰৱাত কেন্দ্ৰীয় ভাৱে 'আইন সেৱা শিবিৰ' অনুষ্ঠিত হ’ব। শুক্ৰবাৰে বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সংবাদমেলত নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব প্ৰনিতা মৰাঙে দৰিদ্ৰ সীমাৰেখাৰ তলৰ জনসাধাৰণৰ সুবিধাৰ্থে চৰকাৰী বিভিন্ন আঁচনিৰ বিষয়ে অৱগত কৰে।

তাৰ উপৰিও ৰেচন কাৰ্ড, বৃদ্ধ পেঞ্চন, বেংক একাউন্ট, খোৱা পানীৰ ব্যৱস্থা, প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু বিশেষ ভাৱে সক্ষম লোকৰ আঁচনি আদি বিভিন্ন ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ মানসেৰে অহা ২২ ছেপ্টেম্বৰত বটদ্ৰৱা থানৰ কাৰ পাৰ্কিংত অনুষ্ঠিত হ’ব লগীয়া কেন্দ্ৰীয় 'আইন সেৱা শিবিৰ'ত সকলো ৰাইজৰ উপস্থিতি কামনা কৰে।

'আইন সেৱা শিবিৰ'ৰ মঞ্চতে ৩০ টাতকৈ অধিক চৰকাৰী বিভাগক আমন্ত্ৰণ কৰি দৰিদ্ৰতা নিৰ্মূলকৰণ আৰু মহিলা সবলীকৰণৰ আঁচনি সমূহৰ উপস্থাপন আৰু ঠিতাতে পঞ্জীয়ন কৰনৰ ব্যৱস্থা কৰা হ’ব। আইন সেৱা শিবিৰৰ জৰিয়তে পাঁচ হাজাৰতকৈ অধিক দৰিদ্ৰ, নিপীড়িত, বঞ্চিত লোকক সজাগ কৰা, সাহাৰ্য্য প্ৰদান কৰা লগতে হিতাধিকাৰীক কিছুমান আঁচনিৰ আনুষ্ঠানিক প্ৰাপ্তি বিতৰনো কৰা হ’ব। শুক্ৰবাৰে সংবাদমেলত প্ৰনিতা মৰাঙৰ লগতে বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, নগাঁও আইন সেৱা প্ৰাধিকাৰীৰ পেনেল অধিবক্তা ৰূপালী গোস্বামী, জেচমিন বেগম, অৰ্ধআইনী সহায়ক দ্বীপেন শইকীয়া, পাপুমনি বৰা উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।