উত্তৰ গুৱাহাটীৰ ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ত হিন্দী দিৱস উদযাপন

 09/13/2019 - 19:46

উত্তৰ গুৱাহাটীঃ প্ৰতি বছৰৰ ছেপ্টেম্বৰ মাহৰ ১৪ তাৰিখে ভাৰতবৰ্ষত হিন্দী পালন পালন কৰা হয়। শুকুৰবাৰে উত্তৰ গুৱাহাটীটো ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ, উত্তৰ পূৱ ক্ষেত্ৰৰ উদ্যোগত হিন্দী দিৱস উদযাপন কৰা হয়। বিয়লি ৪ বজাৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক কাৰ্যসূচীত সংগীত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে দেশভক্তিমূলক আৰু ভক্তিমূলক গীত পৰিবেশন কৰে।

সভাত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ উত্তৰ পূব ক্ষেত্ৰৰ সঞ্চালিকা ঋশ্বা নেগী। সভাত কেইবাগৰাকী অতিথি উপস্থিত থাকে গুৰু দ্ৰোণ ভূঞা, ফুকন চন্দ্ৰ তালুকদাৰ প্ৰ্শাসনিক বিষয়া, সম্পাদক উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন। সভাত বক্তব্য ৰাখি বিশিষ্ট ব্যক্তিসকলে হিন্দী দিৱসৰ তাৎপৰ্য সুন্দৰভাবে উপস্হাপন কৰে। ৰাগশ্ৰী মহাবিদ্যালয়ৰ অধ্যক্ষা পিংকুমনি চৌধুৰীৰ এটি দেশপ্ৰেমমূলক গীতৰে সম্পন্ন কৰা অনুষ্ঠানৰ আঁত ধৰে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপক ডঃ হুপেশ চৌধুৰীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।