বৰপথাৰ মহাবিদ্যালয়ত সকলো পদতে আছুৰ বৃহৎ জয়

 09/13/2019 - 20:08

সৰুপথাৰঃ ২০১৯-২০ বৰ্ষৰ বৰপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হয়। উক্ত নিৰ্বাচনত আছুৱে বৃহৎ জয় সাব্যস্ত কৰে। সভাপতি সম্পাদক, সহ:সম্পাদক আদি কৰি সকলো পদতে আছুৰ সমৰ্থিত প্ৰাৰ্থীৰ বহু ভোটৰ ব্যৱধানত জয় লাভ কৰে।

উক্ত নিৰ্বাচনত জয় লাভ কৰে সভাপতি পদত প্ৰহ্লাদ বৰা, উপসভাপতি পদত দুলেন মহাত্ব, সম্পাদক পদত সীমান্ত বৰা, সহ:সম্পাদক পদত পংকজ পাত্ৰ, আলোচনী বিভাগত কংকণা ফুকন, তৰ্ক আৰু সাহিত্য তুলুমনি শইকীয়া, সাংস্কৃতিক বিভাগত সত্যজিত গগৈ, সমাজসেৱাত দিশা ফুকনে বিজয় সাব্যস্ত কৰে। আনফালে অখিল ভাৰতী বিদ্যাৰ্থী পৰিষদৰ মুখ থেকেচা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।