ৰাণীৰ অপহৃত ব্যক্তিক উদ্ধাৰ

 09/15/2019 - 12:22

মিৰ্জাঃ আঠ ছেপ্টেম্বৰৰ নিশা মহানগৰীৰ ৰাণী অসম মেঘালয় সীমান্তৰ এটি শিলৰ কুঁৱৰীৰ পৰা নৈশ চকীদাৰ টেক বাহাদুৰ ছেত্ৰী ওৰফে টেক ৰাভাক দুৰ্বৃত্তৰ দলে অপহৰণ কৰি প্ৰায় 50 লাখ টকা দাবী কৰিছিল। ঘটনা সন্দৰ্ভত শিল কুঁৱৰীৰ স্বত্বাধিকাৰে এজেহাৰ দাখিল কৰিছিল ৰাণী আৰক্ষী চকীত।

অৱশেষত খানাপাৰা মেঘালয় আৰক্ষীয়ে ৰাণী আৰক্ষী চকীৰ সহযোগত সন্দেহত চাৰি জন লোকক আটক কৰে। সোধ-পোছ অব্যাহত ৰখাৰ সময়তে শুক্ৰবাৰে নিশা দুধনৈৰ ঘন জংঘলত টেক বাহাদুৰ ছাত্ৰীক এৰি থৈ দুৰ্বৃত্তৰ দলটিয়ে পলায়ন কৰে। পিছত লোকজনে নিজেই ৰাণীৰ নিজ বাসগৃহত উপস্হিত হয়।

বৰ্তমান খানাপাৰা মেঘালয় আৰক্ষীৰ জিম্মাত থকা এই লোকজনৰ অপহৰণৰ ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। আৰক্ষীৰ তদন্তৰ পিছতেহে উলাই পৰিব প্ৰকৃত ৰহস্য।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।