প্রদীপ শৰ্মাৰ বিয়োগত শোকৰ ছাঁ নলবাৰী জিলাত

 09/15/2019 - 19:24

নলবাৰীঃ নলবাৰী জিলাৰ বৰমুৰিকোনা গাৱৰ দলৈচুবুৰি নিৱাসী প্রদীপ কুমাৰ শৰ্মাৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে নলবাৰী জিলা। উল্লেখ্য যে পূৱ নলবাৰী অঞ্চলৰ বিষ্ণু ৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কনিষ্ঠ সহায়ক প্রদীপ কুমাৰ শৰ্মা বিগত কিছু দিন ধৰি ৰোগাক্ৰান্ত হৈ আছিল।যোৱা মঙলবাৰে নিশা হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত তেওক নলবাৰী চিকিৎসালয়ত ভৰ্তি কৰে যদিও তাৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰে।
   পিছত গুৱাহাটী চিকিৎসালয়তে নিশা ১২ বজাত চিকিৎসকে তেখেতক মৃত বুলি ঘোষণা কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫৩ বছৰ।অতি নিষ্ঠাবান এইজন সহকৰ্মীৰ মৃত্যুত এতিয়া শোকৰ ছা পৰিছে সমগ্ৰ অঞ্চলজুৰি।মৃত্যুৰ সময়ত তেখেতে মাতৃ, পত্নী, তিনিজন পুত্ৰ, বোৱাৰীক ইহসংসাৰত এৰি থৈ যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।