বিলাসীপাৰাৰ এজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে কঠোৰ দাৱী কোকৰাঝাৰ জিলা উপায়ুক্তৰ

 09/16/2019 - 14:41

বিলাসীপাৰা: কোকৰাঝাৰ জিলাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ২১০৫নং যমদুৱাৰ প্ৰাথমিক বিদ্যালয়খনত শনিবাৰৰ দিনা ৰাতিপুৱা ১১ বজাত সাংবাদিকৰ দলটোৱে উপস্থিত হৈ বিদ্যালয়খন প্ৰত্যেক্ষ কৰে, উক্ত বিদ্যালয়খন সম্পূৰ্ণ ৰূপে তলা বন্ধ থাকে। ৰাইজৰ অভিযোগ ভিত্তিত কেৱল শনিবাৰ দিনাই নহয় প্ৰত্যেক শনিবাৰ দিনাই এনেদৰে তলা বন্ধ থাকে, এয়াই নেকি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ শিক্ষা বিভাগৰ এনেৰূপ। চৰকাৰী চাকৰি কৰি নিজৰ কৰ্তব্যৰ দায়িত্ব পালন নকৰি নিজৰ ইচ্ছাঅনু্সৰী বিদ্যালয়খনৰ তলা বন্ধ ৰাখি ছাত্ৰ-ছাত্ৰীক পাঠদানত চৰম ফাঁকি দি অহা প্ৰধান শিক্ষক আজিজুৰ ৰহমানৰ বিৰুদ্ধে কোকৰাঝাৰ জিলা উপায়ুক্তৰ কঠোৰ বিহিত-ব্যৱস্থাৰ দাৱী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।