অগৰু খেতিৰ জৰিয়তে কৃষকৰ স্বাৱলম্বিতা

 09/17/2019 - 12:40

গোলাঘাটঃ অগৰু খেতিৰ জড়িতে কৃষক তথা ব্যৱসায় সকলে কি দৰে স্বাৱলম্বিতা লাভ কৰিব তাৰ বাবে সোমবাৰে গোলাঘাটৰ কমাৰবন্ধাত এখন ৰাজহুৱা সভা অনুস্থিত কৰা হয়। উজনি অসম সাঁচি কৃষক আৰু ব্যৱসায় সন্থাই অনুস্থিত কৰা ৰাজহুৱা সভাত যোৰহাট বৰ্ষাৰণ্য গৱেষণাৰ গৱেষক ৰাজীৱ কুমাৰ বৰাই সাঁচি গছৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে।

উল্লখ্য যে কেবিনেটত অগৰু খেতিক বৈধ ঘোষণা কৰাৰ লগতে গোলাঘাটত অগৰুৰ এক আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ স্থাপন কৰা চৰকাৰৰ সিদ্ধান্তত এতিয়া সকলোৱে আদৰণি জনোবাৰ লগতে চৰকাৰে স্থাপন কৰিবলৈ লোৱা অগৰুৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ মডেলিটি শীঘ্ৰে ৰাজহুৱা কৰিবলৈ দাবী জনাইছে ব্যৱসায়ী তথা কৃষক সকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।