নলবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৬৯ সংখ্যক ওপজা দিন উদযাপন

 09/17/2019 - 21:32

নলবাৰীঃ দেশৰ লগতে মঙলবাৰে নলবাৰীতো পালন কৰা হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৬৯ সংখ্যক ওপজা দিন। তদুপলক্ষে মঙলবাৰে নলবাৰীত উপস্থিত হয় ৰাজ্য চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। মন্ত্ৰীগৰাকীয়ে নলবাৰী বিজেপিৰ উদ্যোগত নলবাৰী অসামৰিক চিকিৎসালয়তো উপস্থিত হৈ ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কৰি দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ ওপজা দিন পালন কৰে।

মন্ত্ৰী পাটোৱাৰীয়ে নলবাৰীৰ শান্তি নিবাস অনাথ আশ্ৰমত আয়োজিত ওপজা দিনৰ অনুষ্ঠানত উপস্থিত হৈ নিজ আত্মীয়-স্বজনৰ পৰা অনাদৃত-অৱহেলিত হৈ থকা ত্ৰিশ গৰাকীকৈ আৱাসীৰ মাজত ফল-মূল বিতৰণ কৰাৰ লগতে মত বিনিময় কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।