ৰঙিয়াত নিখিল ভাৰত মহিলা সমিতিৰ একাদশ অসম ৰাজ্যিক সন্মিলন

 09/19/2019 - 19:49

ৰঙিয়াঃ নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ একাদশ অসম ৰাজ্যিক সন্মিলনখনি অহা ২১,২২ আৰু ২৩ ছেপ্তেম্বৰত ৰঙিয়াত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। এই উপলক্ষে বৃহস্পতিবাৰে ৰঙিয়া প্ৰেছ ক্লাবত সন্মিলনৰ অভ্যৰ্থনা-সমিতিয়ে এখন সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদ মেলখনত অভ্যৰ্থনা-সমিতিৰ সভানেত্ৰী সবিতা লহকৰে জানিবলৈ দিয়ামতে সন্মিলন উপলক্ষে ইতিমধ্যে এখন অভ্যৰ্থনা-সমিতি গঠন কৰা হৈছে। সেইমতে সাংবাদিক সবিতা লহকৰক সভানেত্ৰী, বিৰেন্দ্ৰ নাথ শৰ্মাক কাৰ্য্যকাৰী সভাপতি আৰু নীলিমা বৈদ্যক সম্পাদিকাৰ দায়িত্ব দিয়া হৈছে।

ৰঙিয়া ঈদগাহ ময়দানত অনুষ্ঠিত হ’ব লগীয়া সন্মিলনৰ প্ৰথম দিনাই অৰ্থাৎ ২১ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব লগীয়া মুকলি সভাখনত বক্তা হিচাপে উপস্থিত থাকিব প্ৰাক্তন সাংসদ তথা নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ সভানেত্ৰী ডঃ মালিনী ভট্ৰাচাৰ্য সাধাৰণ সম্পাদিকা মৰিয়ম ধাৱাল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।