ধুলা সমবায় সমিতিত হিতাধিকাৰীৰ কাৰ্ড আত্মসাত সুলভমূল্য দোকানীৰ

 09/20/2019 - 15:05

খাৰুপেটীয়াঃ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা সোনোৱাল চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগত সংগঠিত হৈছে ব্যাপক দুৰ্নীতি। ধুলাৰ খাটনীয়াপাৰা গাওঁৰ সুলভ মূল্যৰ দোকানীয়ে হিতাধিকাৰী সকলক সা-সামগ্ৰী কমাই দিয়াৰ লগতে একাংশ লোকৰ ৰেচনকাৰ্ড জালিয়াতী কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

চৰকাৰে যোগান ধৰা সা-সামগ্ৰীসমুহ আব্দুল মজিদে বিতৰণ কৰাৰ ক্ষেত্ৰত হিতাধিকাৰী সকলৰ মাজত এক কেজিকৈ চাউল কমাই দিয়া, হিতাধিকাৰীৰ লগত অসৎ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে খাদ্য আৰু অসামৰিক যোগান বিভাগে দিয়া ৰেচনকাৰ্ড জালিয়াতীৰে ধনৰ বিনিময়ত অন্য ব্যক্তিৰ নামত যোগান ধৰা বুলি আভিযোগ দিয়ে। খাটনীয়াপাৰা গাওঁৰ চকিনা বেগমৰ (ৰেচন কাৰ্ডনং ২০৪০৮৩৯) ৰেচন কাৰ্ডখন শুধৰণি কৰাৰ বাবে আব্দুল মজিদৰ হাতত ৰাখি বহুত দিনলে ঘুৰাই নিদি সা-সামগ্ৰীৰ পৰা বঞ্চিত কৰি ৰাখে।

চকিনা বেগমৰ ৰেচন কাৰ্ডখন সুলভ মূল্যৰ দোকানীজনে মোটা অংকৰ ধনলৈ আন এজন মহিলাৰ নামত হস্তান্তৰ কৰি দিয়ে। অন্যান্য হিতাধিকাৰীৰ পৰাও একেধৰণৰ জালিয়াতী কৰাৰ অভিযোগত ধুলা আৰক্ষী থানাত এখন এজাহাৰ দিয়ে যদিও আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াত দোষীক উপযুক্ত শাস্তিৰ দাবী তুলি জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দিয়া বুলি জনায় স্থানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।