চাহ জনজাতি সমাজৰ জাতীয় উৎসৱ "কৰম পূজা" ক লৈ উদুলি-মুদুলি ওৰাঙৰ ৰৌমাৰি

 09/20/2019 - 20:06

ওৰাংঃ কৰম উৎসৱৰ প্ৰস্তুতি প্ৰায় তুংগত। ৰৌমাৰি প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত অহা ২১ আৰু ২২ ছেপ্তেম্বৰ শনি আৰু ৰবিবাৰে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব দ্বিতীয় বাৰ্ষিক কৰম উৎসৱৰ অনুষ্ঠান। ইতিমধ্যে ৰৌমাৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত যুদ্ধকালীনভাৱে মণ্ডপ, কৰম পূজাৰ বেদী আৰু তোৰণৰ নিৰ্মাণকাৰ্য চলি আছে। ইয়াৰে প্ৰায় অধিকাংশ কাম সম্পূৰ্ণ হৈছে। কৰম উৎসৱৰ বাবে দিনে-নিশাই ব্যস্ত হৈ পৰিছে উদযাপন সমিতিৰ লগতে আটছা কৰ্মীসকল। কৰম উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান। কৰম উৎসৱত তুলি ধৰা হ’ব চাহ জনজাতি সমাজৰ আধ্যত্মিক পৰম্পৰা আৰু সংস্কৃতি।

যোৱা আগষ্ট মাহৰ পৰাই কৰম উৎসৱ উদযাপনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। সকলো জাতি-জনগোষ্ঠীৰ লোকে সহায় কৰিছে আদৰণি সমিতিক। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ(আট্‌ছা)ওৰাং উপ-শাখাৰ উদ্যোগত আৰু ওৰাং বাসী ৰাইজৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ওৰাঙৰ ৰৌমাৰী প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাঙ্গণত অনুষ্ঠিত হ’ব দ্বিতীয় বাৰ্ষিক কৰম উৎসৱ। উৎসৱৰ কাৰ্যসূচী মৰ্মে ২১ ছেপ্তেম্বৰ ৰাতিপুৱা ৭ বজাত বজাৰ পৰা কৰম পূজাৰ বেদী স্থাপন, কৰম উৎসৱৰ পতাকা উত্তোলন, আটছা উপ শাখাৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পন, জাৱা জাগৰণ আৰু আকৰ্ষনীয় খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷

বিয়লি ৩.৩০ বজাত কৰম ডাইৰ আদৰণি লগতে ৫ বজাত কৰম পূজাৰ শুভাৰম্ভ কৰা হ’ব৷ সন্ধিয়া ৬ বজাত আখড়া মুকলি কৰিব ওদালগুৰি আৰক্ষী অধীক্ষক লংনিত তেৰাংয়ে৷ ৬.৩০ বজাত সম্বৰ্ধনা অনুষ্ঠান৷ ৭ বজাত ঝুমইৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আটছাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পৱন বেদীয়া৷ নিৰ্দিষ্ট বক্তা হেমন্ত কুমাৰ মাহাতোৰ লগতে সন্মানীয় অতিথি আটছাৰ কেন্দ্ৰীয় সমিতিৰ সহঃসম্পাদক ধীৰাজ গোৱালা, বি টি চি ই.এম. অলিন্দ্ৰ কুমাৰ মোছাহাৰী, বিধায়ক চৰণ বড়ো, প্ৰাক্তন এম চি এল এ তথা বিজেপি চাহ মৰ্চাৰ সম্পাদক জিতু কিষাণকে ধৰি আৰু বহু বিশিষ্ট লোকে।

২২ছেপ্তেম্বৰ বিয়লি ৪ বজাত সাংস্কৃতিক মঞ্চ মুকলি কৰিব বি টি চি কাৰ্যবাহী সদস্য শ্যাম চুণ্ডীয়ে৷ ৪.৩০ বজাত বিভিন্ন নৃত্য প্ৰতিযোগিতাৰ লগতে সন্ধিয়া ৭ বজাত বটাঁ বিতৰণী অনুষ্ঠান আৰু নিশা ৮ বজাত আমন্ত্ৰিত শিল্পীৰ সংগীতানুষ্ঠান আগবঢ়োৱা হ’ব বুলি উদ্যোগতাই জানিবলৈ দিছে৷ কৰম উৎসৱৰ সমূহ কাৰ্য্যসূচীতে ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ লগতে আটছাৰ ওৰাং উপ শাখাৰ সভাপতি দিলিপ মাহাতো আৰু সম্পাদক দেৱহৰি মাহাতোৱে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।