বিলাসীপাৰাত পাষাণ্ড মাতৃৰ হাতত মৃত্যু এটি পাঁচমহীয়া দেৱ শিশুৰ

 09/20/2019 - 20:37

বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ নায়েৰ আলগা আৰক্ষী চকীৰ অন্তৰ্গত গুটিপাৰা ৫ নং খণ্ড গাঁৱৰ মফিদুল ইছলাম খানৰ পাঁচমহীয়া প্ৰথম কন্যা সন্তান মজিৰন খাতুনক নিজৰ মাতৃ জায়দা বেগমে ডিঙিত ধৰি পানীত চেপা মাৰি হত্যা কৰি গোহালি ঘৰৰ মাটিৰ তলত গাঁত খান্দি পুতি থৈ দিয়ে।

পৰৱৰ্তীসময়ত স্থানীয় ৰাইজে গম পাই জায়দা খাতুনক সোধ-পোছ কৰি ছোৱালীজনীৰ মৃতদেহটো গাঁতৰ পৰা উদ্ধাৰ কৰি ওচৰৰ আৰক্ষী চকীত অৱগত কৰে যদিও বিলাসীপাৰা আৰক্ষীয়ে নিৱেশলৈ লৈ আহে। পিছলৈ মৰণোত্তৰৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।