বটদ্রৱা থানত দিনজোৰা কাৰ্যসূচীৰে এক "আইন সেৱা শিৱিৰ" অনুষ্ঠিত

 09/22/2019 - 16:16

ধিঙৰঃ এখন চৰকাৰী মঞ্চ। মঞ্চৰ ভিতৰত সহস্ৰাধিক পুৰুষ-মহিলা। উপস্থিত আছে শ শ জিলা প্ৰশাসনৰ লোক। উফ্ কি যে গেলা গৰম। বাপৰে বাপ আজি ইমান গৰম নে। ফেন এখনও নাই, বিচনীও পাবলৈ নাই। সময়ত খাবলৈ নাই পানী এটোপাল। কোলাত সন্তান লৈ এই গেলা গৰমত ছটফটাইছে এইসকল মাতৃয়ে। কোনোবাই যদি ৰুমাল লৰাইছে, আন কোনোবাই আকৌ কাগজৰে অলপ বতাহ লৈছে। মুঠতে হাতত যোনে যি পাইছে সেয়া দিয়েই অলপ বতাহ লবলৈ বাধ্য হৈছে। চকীৰ অভাৱত মঞ্চৰ চাৰিওপিনে ৰ’দত ছাতি লৈ থিয় হৈ থাকিবলগীয়া হৈছে এইদৰেই ।

মুঠতে হাৰাশাস্তি আৰু হাৰাশাস্তি। পিছে ক’ত ঘটিল এনে ঘটনা জানেনে অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত তথা নগাওঁ জিলা আইন সেৱা প্ৰাধিকাৰী আৰু নগাওঁ জিলা প্ৰশাসনৰ যুটীয়া সহযোগত বটদ্ৰৱাত অনুষ্ঠিত " আইন সেৱা শিবিৰ " ৰ। শনিবাৰে গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্রৱা থানত দিন জোৰা কাৰ্যসূচীৰে এক "আইন সেৱা শিৱিৰ" অনুষ্ঠিত হয়। য'ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উজ্জ্বল ভূঞা। এই শিৱিৰত চৰকাৰী আচনি সমূহৰ বিষয়ে অৱগত কৰে বিভিন্ন বিভাগৰ বিষয়াসকলে।

উক্ত শিৱিৰতে হিতাধিকাৰীসকলৰ নাম পঞ্জীয়ন কৰাৰ লগতে একাংশ হিতাধিকাৰীক আচনিৰ প্ৰাপ্তিৰ ধন বিতৰন কৰা হয়। চৰকাৰী আচনিসমূহ যেনে ৰেচন কাৰ্ড, বৃদ্ধ পেঞ্চন , বেংক একাউন্ট, খোৱা পানীৰ ব্যৱস্থা, জৱ কাৰ্ড, প্ৰধান মন্ত্ৰী অাৱাস যোজনা আৰু বিশেষভাৱে সক্ষমলোকৰ আচনিসমূহ সফল ৰূপায়নৰ উদ্দেশ্যেই এই আইন সেৱা শিৱিৰ অনুস্থিত কৰা হয়। পিছে আচৰিত কথাটো হল-লক্ষাধিক টকা ব্যয় সাপেক্ষে আয়োজিত এনে এটি বৃহৎ অনুষ্ঠানত বিদ্যুৎ সংযোগ থকা সত্বেও এনে গেলা গৰমত এনেদৰে হাৰাশাস্তি হ’ব লগা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।