নগাঁৱত শ্বহীদ পৰিয়ালৰ সংবাদমেল

 09/22/2019 - 16:28

নগাঁওঃ ৰাজ্যত এতিয়া জাতীয় নায়কৰ চৰকাৰ। অসম আন্দোলনৰ নেতৃত্বত লোৱা ছাত্রসংগঠনৰ পৰা জাতীয় নায়কৰ উপাধিলৈ মুখ্যমন্ত্ৰীৰ আসনত বহা সৰ্বানন্দ সোণোৱালৰ দিনতো সঠিক ব্যৱস্থা নহ’ল শ্বহীদ পৰিয়ালৰ। প্ৰকৃত অৰ্থত আজি পৰ্যন্ত শুদ্ধ তালিকা প্ৰস্তুত নহ’ল অসম আন্দোলনৰ শ্বহীদৰ। তালিকাৰ বিসংগতিৰ উদাহৰণ ডাঙি ধৰি মৰিগাঁও জিলাৰ তিনিটা শ্বহীদ পৰিয়ালৰ নাম উল্লেখ কৰি সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ মুখ্য সম্পাদক মানিক চন্দ্ৰ দেৱনাথে এনেদৰে কয়।

বিগত চৰকাৰৰ কাৰ্যকালত শ্বহীদ পৰিয়ালৰ ৫১৯ জন লোকে চৰকাৰী চাকৰিৰ সুবিধা পোৱাৰ বিপৰীতে জাতি মাটি আৰু ভেটি সুৰক্ষাৰ কথা কোৱা চৰকাৰৰ দিনত শ্বহীদ পৰিয়ালে পোৱা নাই সেই সুবিধা। পৰিষদে প্ৰদান কৰা স্মাৰক পত্ৰ HMA - 10/39/2018 political (A)231-A ৰ জৰিয়তে অসম চুক্তি ৰূপায়ন বিভাগে নিযুক্তিৰ ব্যৱস্থা কৰিছে যদিও বহু লেহেমীয়া গতিৰে আগবঢ়াৰ অভিযোগ পৰিষদৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।