জনীয়াত স্বচ্ছ সৰ্বেক্ষন গ্ৰামীণৰ সজাগতা সভা

 09/22/2019 - 18:17

জনীয়াঃ স্বচ্ছ ভাৰত মিছনৰ লগত সংগতি ৰাখি আৰম্ভ হোৱা স্বচ্ছ সৰ্বেক্ষন গ্ৰামীণৰ এখন সজাগতা সভা দেওবাৰে বৰপেটাৰ জনীয়া গাঁও পঞ্চায়ত প্ৰাংগণত অনুষ্ঠিত হয়। জনীয়া গাও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আব্দুৰ ৰহিম খানৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জনীয়াৰ স্বচ্ছগ্ৰাহী আবু তালেব আহমেদে।

সভাত চকচকা ব্লকৰ বিআৰচিচি গৰিমা সুত্ৰধৰে স্বচ্ছতা হি সেৱাৰ তাৎপৰ্য সম্পৰ্কে বিশদ আলোচনা আগবঢ়ায়। উক্ত সভাত বৰপেটা পিএইএই ৰ বিযয়া সতীনজীৱন দাস, কাদং গাঁও পঞ্চায়তৰ স্বচ্ছগ্ৰাহী আবিদা খাতুন উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।