হালাপাকুৰীত এন আৰ চিৰ সজাগতা সভা

 09/23/2019 - 12:09

হাউলীঃ এন আৰ চিৰ পৰা বাদ পৰা প্ৰকৃত ভৰতীয় সকল শংকিত হোৱাৰ প্ৰয়োজন নাই। দেওবাৰে হালাপাকুৰীত অনুষ্ঠিত সজাগতা সভাৰ আহ্বান যে তালিকাৰ পৰা বাদ পৰা বৈধ ভাৰতীয় নাগৰিকৰ নাম আইনগত প্ৰক্ৰিয়াৰে এন আৰ চিত সন্নিবিষ্ট কৰা সন্দৰ্ভত বিশদভাৱে আলোচনাৰ উদ্দেশ্যেৰে আজাদ ফাউণ্ডেচন আৰু ইউনাইটেড ক্লাব এণ্ড লাইব্ৰেৰীৰ যৌথ উদ্যেগত এখন সজাগতা সভা দেৱান ফজলুৰ ৰহমানৰ পৌৰোহিত্যত হালাপাকুৰী হাই মাদ্ৰাছা খেল পথাৰ প্ৰাংগণত অনুষ্ঠিত হয়|

সভাত আমছুৰ প্ৰাক্তন শিক্ষা সম্পাদক ছাহজাহান আলী আহমেদ, ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম, শালবাৰী জিলা আমছুৰ সভাপতি ইব্ৰাহীম আলী আহমেদ, বৰপেটা জিলা আমছুৰ সহ সম্পাদক ফাইজুৰ ৰহমান, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বৰপেটা জিলা সমিতিৰ সভাপতি ইব্ৰাহীম আলী, জনিয়াৰ প্ৰাক্তন বিধায়ক হাফিজ ৰফিকুল ইছলাম, উকীল আতিকুৰ ৰহমান আদি উপস্থিত থাকি এন আৰ চিৰ পৰা বাদপৰা বৈধ ভাৰতীয় নাগৰিকসকলক ভয় আৰু শংকিত নহ’বলৈ আহ্বান জনোৱাৰ লগতে এফটি কোৰ্টত আইনী প্ৰক্ৰিয়াৰে আগবাঢ়ি যাবলৈ পৰামৰ্শ আবঢ়ায়|

ইপিনে অসম জমিয়ত উলেমা হিন্দৰ সম্পাদক হাফিজ ৰফিকুল ইছলামে সভাত উপস্থিত থাকি কয় যে অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা বিদেশী হিন্দু হওঁক বা মুছলমান হওঁক তেওঁলোক অসম ত্যাগ কৰিব লাগিব কিন্তু এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা বৈধ ভাৰতীয় সকলক জমিয়তে আইনী প্ৰক্ৰিয়াৰে সৰ্বতোপ্ৰকাৰে সহায় কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।