প্ৰতিকূল বতৰৰ বাবে লখিমপুৰত অনুষ্ঠিত হ’বলগা কাৰ্যসূচীৰ সালসলনি

 09/23/2019 - 13:53

লখিমপুৰঃ প্ৰতিকূল বতৰৰ বাবে লখিমপুৰত সোমবাৰে অনুষ্ঠিত হ’বলগা কেইবাটাও কাৰ্যসূচী সালসলনি কৰা হয়। পুৱা দহ বজাত উত্তৰ লখিমপুৰ সদৰ থানাৰ নৱনিৰ্মিত ভবন উন্মোচনৰ অনুষ্ঠান পিছুৱাই দিয়া হৈছে বিয়লি পাঁচ বজালৈ। একেদৰে নাৰায়ণপুৰত বাৰ বজাত আছিল মাধবদেৱ বঁটা প্ৰদান অনুষ্ঠান। তাৰ পৰবৰ্তী সময়ত বিয়লি বিহপুৰীয়াত উদ্বোধন কৰাৰ কথা আছিল বদৌচা কাপ ফুটবল প্ৰতিযোগীতাৰ।

ধাৰাসাৰ বৃষ্টিপাত অব্যাহত থকাৰ বাবেই ৰদ বদল কৰা হৈছে এই কাৰ্যসূচীসমূহৰ। অৱশ্যে পৰবৰ্তীসময়ত মুখ্যমন্ত্ৰী লখিমপুৰৰ এই কাৰ্যসূচীসমূহত উপস্থিত হ’ব পাৰিবনে নোৱাৰে সেইয়া এতিয়াও অনিশ্চিত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।