ডাঙৰিৰ শ্বহীদ পৰিয়ালৰ আন্দোলনৰ সকীয়নি

 09/23/2019 - 15:03

ডুমডুমাঃ বৰ্তমান পৰ্য্যন্ত চৰকাৰ তৰফৰ পৰা কোনো প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ অভিযোগ। ভাৰতীয় সেনাই আলফা দমনৰ নামত ১৯৯২ চনত তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ডাঙৰিৰ পাঁচজনকৈ চফল ডেকাক শুৱাপাঠিৰ পৰা উঠাই পৰৱৰ্তী সময়ত অকথ্য নিৰ্যাতন চলাই গুলীয়াই হত্যা কৰা ঘটনায়ে সমগ্ৰ ৰাজ্যখনক জোকাৰি গৈছিল আৰু সেইসময়ৰ আছুৰ নেতা বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেনাৰ বর্বৰ হত্যাকাণ্ডৰ বিৰোধে গণআন্দোলনৰ নেতৃত্ব দি মৃত যুৱককেইজনক জাতীয় শ্বহীদ ঘোষণা কৰিছিল।

পৰৱৰ্তী সময়ত সেনা আদালতত চলা ন্যায়িক বিচাৰত যুৱককেইজনৰ হত্যাকাণ্ডত জড়িত সেনা কেইবাজন অপৰাধি ঘোষণা কৰি শাস্তি প্ৰদান কৰা বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ হৈছিল। কিন্তু পৰিতাপৰ বিষয় যে মৃত নিৰাপৰাধি যুৱককেইজনৰ পৰিয়ালবর্গয়ে বৰ্তমানলৈকে চৰকাৰ তৰফৰ পৰা পোৱা প্ৰতিশ্ৰুতি অনুসৰি কোনো ধৰনৰ ক্ষতিপূৰণ পাবলৈ সক্ষম নহল।

স্বয়ং মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শ্বহীদ পৰিয়ালক দিয়া প্ৰতিশ্ৰুতি অদ্যপি ৰক্ষা নকৰি ছহিদ পৰিয়ালক চৰম প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছে ছহিদ পৰিয়ালে। সোমবাৰে ডুমডুমা প্ৰেছ ক্লাবত এক সংবাদ মেলৰ আয়োজন কৰি শ্বহীদৰ পৰিয়াল বর্গয়ে সৰ্বানন্দ সোনোৱাল চৰকাৰৰ প্ৰৱঞ্চনাৰ বিৰোধে আৰু শিঘ্রে উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত ২০১৯ অহা ইং ৩০ চেপ্টেম্বৰ আৰু ১ অক্টোবৰ তাৰিখে ডুমডুমাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।