মাজবাটত এন ডি এফ বি (এছ)ৰ গ্ৰেনেডসহ এজনক আটক

 09/23/2019 - 16:52

ওৰাং: মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত আশ্ৰাবাৰী (শেগুণবাৰী) অঞ্চলৰ পৰা এক গোপন সূত্ৰৰ পম খেদি মাজবাট আৰক্ষী আৰু ভাৰতীয় সেনাৰ কোব্ৰা ৰেজিমেন্টে সোমবাৰে এন ডি এফ বিৰ এজন দুৰ্ধৰ্ষ সদস্য আটক কৰে। ধৃত এন ডি এফ বি সদস্যজনৰ পৰা মাজবাট আৰক্ষীয়ে দুটা হস্তনিৰ্মিত হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে মাজবাট আৰক্ষী আৰু সেনাই পুৱতি নিশা ৩.২৫ বজাত যৌথ অভিযান চলাই আটক কৰে দুৰ্ধৰ্ষ সদস্যগৰাকীক।

ধৃত সদস্য গৰাকীৰ নাম অঞ্জয় দৈমাৰী ওৰফে মুদৈ বসুমতাৰী বুলি জানিব পৰা হৈছে। এন ডি এফ বি সদস্যগৰাকীৰ ঘৰ ৰাঙাপাৰাৰ ৪ নং দীপাঞ্জলীত বুলি জানিব পৰা গৈছে। সদস্যগৰাকীয়ে পূৰ্বেই এন ডি এফ বিৰ প্ৰশিক্ষণ গ্ৰহণ কৰি মাজবাটৰ বিভিন্ন অঞ্চলত পিয়াপি দি ফুৰিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।