লামডিংত প্লাষ্টিক বৰ্জনৰ উদ্দেশ্যে এক সচেতন মূলক ৰেলি

 09/23/2019 - 17:41

 

লামডিংঃ লামডিং মিউনিসিপ্যালিটি বোর্ডৰ নেতৃত্বত এই প্লাষ্টিক বর্জন সচেতনতামূলক ৰেলি আয়োজন কৰা হয়। পাঁচশৰো অধিক মহিলা হাতে হাতে প্লেকার্ড ব্যানাৰ লৈ কালীবাৰিৰ পৰা আৰম্ভ কৰি লামডিং বজাৰ পৰিক্রমা কৰে। এই ৰেলিৰ জৰিয়তে সমগ্র লামডিং চহৰত স্থানীয় ৰাইজ তথা ব্যৱসায়ীৰ মাজত প্লাষ্টিক বর্জন কৰাৰ আহ্বান জনায়। এই পৰিক্রমাত উপস্থিত আছিল লামডিং মিউনিসিপ্যালিটি বোর্ডৰ সভাপতি স্বস্তিকা ৰাউত আৰু উপ-সভাপতি উত্তম দাসৰ লগতে লামডিং ১ নম্বৰ ওয়ার্ড কমিশনাৰ বুদ্ধি লোধ আৰু ৰিঙ্কু মজুমদাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।