নমাটিত স্ফুৰ্টি আঁচনিৰ সজাগতা সভা সম্পন্ন

 09/24/2019 - 12:26

দলগাঁওঃ বৰ্ধিত নিবনুৱা সমস্যা দূৰ কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে কেঁচামাল ব্যৱহাৰ কৰি সামগ্ৰী পুনৰ উজ্জীৱিত কৰণ আঁচনিৰ জৰিয়তে স্বাবলম্বী জীৱন-যাপনৰ বাট মুকলি কৰিছে। বাঁহবেতৰ পৰা বিভিন্ন নিত্য ব্যৱহাৰ্য্য সামগ্ৰী প্ৰস্তুত কৰিবলৈ প্ৰয়োজনীয় ধন আৰু যন্ত্ৰপাতি যোগানৰ লগতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। সোমবাৰে দলগাঁৱৰ নমাটিত গুজৰত গ্ৰুপ অৱ এনজিঅ' ৰ উদ্যোগত অনুষ্ঠিত হয় এক সজাগতা সভা।

বেছিমাৰী ক্লাছটাৰৰ অন্তৰ্গত মুঠ ছখন গাঁও ক্ৰমে- নগাঁও, বালিগাঁও, আলিছিঙ্গা জঙ্গল, মাজগাঁও আৰু পদোপুৰি মুঠ ১৫ শতাধিক মহিলাক প্ৰশিক্ষণৰ বাবে প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে তিনি কোটি টকা আবন্টন দিয়া বুলি অবগত কৰিছে গুজৰত গ্ৰুপ অৱ এনজিঅ'-ৰ সভাপতি গুজৰত আলীয়ে। প্ৰশিক্ষক ইয়াছিন আলীয়ে কয় বাঁহৰ টুকৰি বা খাচাৰ বাবে অসম বিখ্যাত নমাটি গাঁৱৰ অৰ্থনৈতিক অৱস্থা পুতৌলগা।

ঘৰুৱাভাবে উৎপাদন কৰিবৰ বাবে সময় আৰু বনুৱাৰ সংখ্যা অধিক লাগে। আমি স্ফুৰ্টি আঁচনিৰ জৰিয়তে তেওঁলোকৰ উৎপাদন বৃদ্ধিৰ লগতে উৎপাদিত বিভিন্ন সামগ্ৰী আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰিম। সমাজকৰ্মী হবিবুৰ ৰহমানে কয় বৰ্ধিত নিবনুৱা সমস্যা লাঘব কৰাৰ ক্ষেত্ৰত এই আঁচনিখনে নিবনুৱা সকলক লাভান্বিত কৰিব। হাজী নুৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সজাগতা সভাত এচ ডি চি শৰৎ গগৈ, প্ৰকল্প বিষয়া ভাৰ্গব গগৈ, বহুকেইখন পঞ্চায়তৰ প্ৰতিনিধিৰ লগতে প্ৰায় মহিলা উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।