ডুমডুমাৰ লংছোৱালত বিদ্যুৎপৃষ্ট হৈ এজনৰ মৃত্যু

 09/24/2019 - 13:41

ডুমডুমাঃ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত লংছোৱালত সোমবাৰে বিদ্যুৎপৃষ্ট হৈ এজন কিশোৰৰ মৃত্যু হয়। লংছোৱালত থকা মোমায়েকৰ ৰাজা ওৱেলডিং নামৰ এখন দোকানত বিশাল বণিক নামৰ কিশোৰজনে দুপৰীয়া দোকানৰ ৰখীয়া হিচাপে আছিল। সেই সময়ত দোকানৰ গৰাকী মোমায়েকৰ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ বাবে ওচৰতে থকা ঘৰলৈ গৈছিল।

বিশালে অসাৱধানবশত: দোকানৰে এটা মেচিনত হাত দিয়াত চৰ্ট চাৰ্কিত হৈ তেওঁৰ দেহত বিদ্যুৎ প্ৰৱাহিত হয়। লগে লগে তেওঁক লংছোৱাল চাহবাগিচা স্থিত কেন্দ্ৰীয় চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ঘটনাৰ খবৰ পাই ডুমডুমা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।