ঢকুৱাখনাত বৃহৎ পৰিমাণৰ মৎস্য আৰু পশুধনৰ মৃত্যু

 09/24/2019 - 14:42

ঢকুৱাখনাৰঃ লখিমপুৰ জিলাৰ ঢকুৱাখনা সীমান্ত ঘুণাসূঁতি পঞ্চায়তৰ অন্তৰ্গত কপাক চাপৰি গাঁৱত ৪ টাকৈ পশুধনৰ মৃত্যু আৰু ঢকুৱাখনাৰ ঘিলামৰা ছাঁকুলি গাঁৱৰ নবীন গগৈ ফিচাৰিত ৫ কুইণ্টেলত কৈ অধিক মৎস্য মৃত্যু হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যকৰ সৃষ্টি হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ সীমান্তৰ ঘুণাসূঁতি পঞ্চায়তৰ তাৰানাথ টাইদ নামৰ খেতিয়কজনে কেইদিনমানৰ আগতে নিজা মাহ খেতিত ৰাসায়নিক দ্ৰব্যসহ কিছুমান টোপোলা পথাৰত থৈ দিছিল। যোৱা ১৮ চেপ্তেম্বৰ তাৰিখে উক্ত ৰাসায়নিক দ্ৰব্য যুক্ত টোপোলা সেৱন কৰা ফলতেই ৪ টাকৈ পশুধনৰ কৰুণ মৃত্যু হয়।

আনহাতে ঢকুৱাখনাৰ ঘিলামৰা ছাঁকুলি গাঁৱৰ নবীন গগৈৰ ফিচাৰিত কোনো দুষ্কৃতিকাৰিয়ে নিশা ৰাসায়নিক দ্ৰব্য দি প্ৰায় ৫ কুইণ্টেলৰো অধিক মৎস্য মৃত্যু হয়। মৎস্য পুহি জীৱন নিৰ্বাহ কৰা এই বিয়ক্তিজনে এতিয়া দুখত ভাগি পৰিছে। কেৱল মৎস্য পুহিয়ে তেওঁ ঘৰখন পুহ-পাল দিছিল, তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে। আৰু কোন দুষ্কৃতিকাৰীয়ে এনে কৰিলে তাক তদন্ত কৰি উচিত শাস্তি দিবৰ বাবে প্ৰশাসনক অনুৰোধ জনাইছে লগতে ক্ষীয়টি পূৰণ দিবৰ বাবে অনুৰোধ জনাইছে।

ঢকুৱাখনা সীমান্ত ঘুণাসূঁতি পঞ্চায়তৰ মৃত গৰুকেইটা কোনো লোকে গোপনে জ্বলাই দিয়া কাৰণে ঠাইখিনিত পৰি থকা মৃতদেহৰ হাড় মঙহৰ বিজানু, ভাইৰাছৰ ফলত অপৰিষ্কাৰ, আৰু বেমাৰ বিয়পি গাঁৱত অন্যান্য গাহৰি, কুকুৰ পশুধন কিম্বা মানুহৰ বেমাৰ বৃদ্ধি হব বুলি আশংকাত ভুগিছে ৰাইজে। খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰা লক্ষ্মীনাথ টাইদৰ দুটা মতা গৰু আৰু দুজনী গাই গৰু এনেদৰে মৃত্যু ঘটা কাৰণে হতাশাত ভাগি পৰিছে।

এনেদৰে উন্মুক্ত অৱস্থাত মাহ খেতিৰ তলিত ৰাসায়নিক দ্ৰব্য থোৱা কাৰণে মিচিং দলীয় সংগঠনৰ টিএমপিকে, এমএমকে, টিএমএমকে ৰ বিষয় ববীয়াৰ লগতে কপাক চাপৰিৰ উন্নয়ন সমিতিয়ে তাৰানাথ টাইদক ক্ষতিপূৰণ দি সকাহ দিবলৈ দাবী কৰিছে। সংগঠন কেইটাই এনেদৰে মুকলিকৈ থোৱা আৰু কোনো কাৰণ নোহোৱাকৈ ঔষধ বিক্রেতাই যাতে বিক্ৰী নকৰে প্ৰশাসনৰ ওচৰত তাকে অনুৰোধ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।