দ্য অঞ্জন দত্ত ফাউণ্ডেশ্যন"ৰ উদ্যোগত তৰ্ক প্ৰতিযোগিতাৰ আয়োজন, প্ৰদান কৰা হ'ব "অঞ্জন দত্ত সোঁৱৰণী শৈক্ষিক বৃত্তি

 09/24/2019 - 15:16

আমগুৰিঃ আমগুৰি কনফাৰেন্স হলত মঙলবাৰে অনুষ্ঠিত এক সংবাদমেল আয়োজন কৰি এই কথা ব্যক্ত কৰে দ্য অঞ্জন দত্ত ফাউণ্ডেশ্যনৰ অংকিতা দত্তই। সংবাদমেলত অংকিতা দত্তই কয় "দ্য অঞ্জন দত্ত ফাউণ্ডেশ্যন"ৰ উদ্যোগত অহা ২১ অক্টোবৰত আমগুৰি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। আমগুৰি সমষ্টি ভিত্তিক এই তৰ্ক প্ৰতিযোগিতাৰ বিষয় হ'ব সপক্ষে "ছ'চিয়েল মিডিয়াই সম্পাদকৰ নিয়ন্ত্ৰণত থকা সংবাদ মাধ্যমলৈ তীব্ৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে।

"অষ্টম শ্ৰেণীৰ পৰা স্নাতক চূড়ান্তবৰ্ষ পৰ্যন্ত অধ্যয়নৰত সকলো শিক্ষাৰ্থীয়ে এই তৰ্ক প্ৰতিযোগিতাত অংশ ল'ব পাৰিব। প্ৰতিযোগীসকলে পঞ্জীয়নৰ সময়ত শিক্ষানুষ্ঠানৰ পৰিচয় পত্ৰ আৰু অনুমতি পত্ৰ দাখিল কৰিব লাগিব৷ প্ৰতি শিক্ষানুষ্ঠানৰ পৰা এগৰাকী বিষয়ৰ সপক্ষে আৰু এগৰাকী বিপক্ষে হিচাপে একাধিক দুজনীয়া দলে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগীসকলে অসমীয়া আৰু ইংৰাজী ভাষাত তৰ্কত অৱতীৰ্ণ হ'ব পাৰিব। প্ৰতিযোগীসকলৰ কোনো ধৰণৰ অহা-যোৱা ব্যয় ন্যাসে বহন নকৰে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি,প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী বিশিষ্ট সাহিত্যিক সাংবাদিক প্ৰয়াত অঞ্জন দত্তৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষ্যৰে গঠন কৰা "দ্য অঞ্জন দত্ত ফাউণ্ডেশ্যন"-এ বিগত সময়ছোৱাত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে। ইয়াৰ ভিতৰত দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ দ্বাৰা স্মাৰক বক্তৃতা প্ৰদান, আত্মজীৱনী প্ৰকাশ, "অঞ্জন দত্ত সোঁৱৰণী শৈক্ষিক বৃত্তি" ঘোষণা অন্যতম। এনে কাৰ্যসূচীৰ অংশ হিচাপেই এইবাৰ আমগুৰিত এইদৰে তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

২১ অক্টোবৰৰ দিনাই তৰ্ক প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদানৰ লগতে এইবাৰ প্ৰথমবাৰৰ বাবে "অঞ্জন দত্ত সোঁৱৰণী শৈক্ষিক বৃত্তি" লাভ কৰা শিক্ষাৰ্থীসকলকো বৃত্তি প্ৰদান কৰা হ'ব। তৰ্ক প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৫১০০টকা, দ্বিতীয় পুৰস্কাৰ ২১০০ টকা আৰু তৃতীয় পুৰস্কাৰ ১১০০ টকা। মঙলবাৰে আমগুৰি কনফাৰেন্স হলত অনুষ্ঠিত এক সংবাদমেল আয়োজন কৰি এই কথা ব্যক্ত কৰে দ্য অঞ্জন দত্ত ফাউণ্ডেশ্যনৰ অংকিতা দত্তই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।