চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল

 09/25/2019 - 21:19

ডিজিটেল ডেস্কঃ ২৬ছেপ্টেম্বৰৰ পৰা ২৯ ছেপ্টেম্বৰ লৈ গুৱাহাটীত অনুষ্ঠিত হ’ব ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ সপ্তম সংস্কৰণ। চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা এই ফিল্ম ফেষ্টিভেল আয়োজন কৰা হৈছে গুৱাহাটীৰ মাছখোৱা প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত।

ফেষ্টিভেলত ৩০ খনৰো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ছবি প্ৰদৰ্শন কৰা হ'ব লগতে বিভিন্ন স্থানৰ পৰা আমন্ত্ৰণ কৰা হৈছে খ্যাতিসম্পন্ন পৰিচালকসকলক। সপ্তম ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিব বিশিষ্ট ছবি নিৰ্মাতা ইমতিয়াজ আলী আৰু অভিনেত্ৰী সোভিতা ধোলিপালা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।