বাক্সাৰ বাগানপাৰাত নৱ বিবাহিতা বোৱাৰীৰ আত্মহত্যাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

 09/26/2019 - 18:07

মুছলপুৰঃ পাপু দাসক গ্ৰেপ্তাৰৰ দাবীত তীব্ৰ প্ৰতিবাদ মহিলাৰ বৰবৰী আৰক্ষী থানা ঘেৰাও মুছলপুৰ নৱ বিৱাহিতা বোৱাৰী এগৰাকীৰ আত্মহত্যাক কেন্দ্ৰ কৰি উত্তেজনাপূৰ্ণ পৰিবেশৰ সৃষ্টি হৈ আছে বাক্সাৰ বৰবৰীত৷ ৪ ছেপ্তেম্বৰত সংঘটিত ঘটনাত জড়িত অপৰাধীক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত বুধবাৰে শতাধীক মহিলাই বৰবৰী আৰক্ষী থানাত প্ৰতিবাদ কৰি ঘেৰাও কৰে থানা৷

বাক্সা জিলাৰ বাগানপাৰাৰ ব্যৱসায়ী হীৰেন হালৈয়ে যোৱা বহাগত বিৱাহ কৰাই আনিছিল বাগানপাৰাৰ বাহজানী চুবুৰীৰ সংগীতা কলিতাক৷ নতুন সংসাৰৰ সপোন লৈ বোৱাৰী ৰূপে স্বামী গৃহত প্ৰৱেশ কৰিছিল সংগীতা কলিতা হালৈয়ে৷ কিন্তু বিৱাহ হোৱাৰ চাৰি মাহ পাছতে থান বান হল সংগীতাৰ সকলো সপোন৷ সংসাৰ গঢ়াৰ সলনি সংসাৰৰ পৰা বিদায় লব লগা হ’ল সংগীতাই৷ বিবাহৰ দিন ধৰি যৌতুক দাবীৰে মানসিক নিৰ্যাতন চলাই আহিছিল, শাহুৱাই পুতুলী হালৈ, ননদ পুৰবী হালৈ আৰু ভনী জোৱাই তথা শিক্ষক পাপু দাসে৷

যাৰ কাৰনে ন কইনাৰ ন সাজ মলিয়ন নহওতেই চিৰ বিদায় লব লগা হ’ল অসহায় সংগীতাই৷ ৰাইজৰ অভিযোগ অনুসৰি স্বামীৰ পৰিয়ালে সংগীতাক হত্যা কৰি আত্ম হত্যাৰ ৰূপ দিব বিচাৰিছে৷ যাৰ কাৰনে সংগীতাই আত্মহত্যা কৰা খবৰ বনজুইৰ দৰে বিয়পি পৰাৰ লগে লগে উত্তেজিত হৈ পৰিছিল স্হানীয় পুৰুষ-মহিলাই৷

স্থানীয়লোকে হত্যাকাৰীক গ্ৰেপ্তাৰ দাবী তোলাৰ পাছত হত্যাকাৰী পাপু দাসক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হোৱাত বুধবাৰে বাগানপাৰাৰ শতাধিক মহিলাই হত্যাকাৰী পাপু দাসক গ্ৰেপ্তাৰৰ দাবীত বৰবৰী থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ হত্যাকাৰী পাপু দাসক গ্ৰেপ্তাৰ কৰক, নাৰী নিৰ্যাতন বন্ধ কৰক, আমাক ন্যায় লাগে আদি শ্লোগানেৰে উত্তালৰ কৰে বৰবৰী আৰক্ষী থানা চৌহদ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।