স্বেচ্ছাসেৱী সংগঠন বিদ্যাৰোহী সমিতিৰ তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ

 09/26/2019 - 19:09

লাহৰীঘাটঃ স্বেচ্ছাসেৱী সংগঠন বিদ্যাৰোহী সমিতিৰ উদ্যোগত আৰু মৰিগাঁও জিলাৰ বুৰাবুৰিৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় ইকৰা একচেলেঞ্চ একাডেমীৰ সহযোগত ছাত্র-ছাত্ৰীসকলৰ মাজত তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰৰ ব্যৱস্থা কৰে। ছাত্র-ছাত্ৰীসকলক যোগ শিক্ষা, কেৰাটে শিক্ষা, দুৰ্যোগ প্ৰতিৰক্ষা, ৰেষ্ট মৰনিং, পুৱাৰ প্ৰাত:স্মৰণ, গীত-মাত, নৃত্য-নাটক, ট্ৰেফিক নীতি আদিৰ প্ৰশিক্ষণ দিয়াৰ উপৰিও ছাত্র-ছাত্ৰীক শাৰীৰিক, মানসিক, নৈতিক আৰু দেশ সেৱাত ব্ৰতী হ’বলৈ প্ৰশিক্ষণ দিয়ে।

প্ৰশিক্ষণ অনুষ্ঠানটোত উপস্থিত থাকে বিদ্যাৰোহী সমিতিৰ মুখ্য আয়ুক্ত ছাব্বিৰ হুছেইন মায়ং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ইকৰা একচেলেঞ্চ একাডেমীৰ অধ্যক্ষৰ লগতে বিদ্যাৰোহী সংগঠনৰ বিভিন্ন বিষয়াববীয়া সকলৰ উপৰিও অঞ্চলটোৰ বহু ছাত্র-ছাত্রী সংগঠনটোৰ এনে পদক্ষেপক শলাগ লৈছে অঞ্চলটোৰ সচেতন ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।