উত্তৰ গুৱাহাটীত ১৩ সংখ্যক কামৰূপ গ্ৰাম্য জিলাভিত্তিত আন্তঃস্কুল সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজন

 09/26/2019 - 19:32

উত্তৰ গুৱাহাটীঃ উত্তৰ গুৱাহাটীত ১৩ সংখ্যক কামৰূপ গ্ৰাম্য জিলাভিত্তিত আন্তঃস্কুল সাঁতোৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। বিগত বছৰৰ দৰে এই বেলিও উত্তৰ গুৱাহাটী ছোৱান এছচিয়েছনৰ উদ্যোগত অহা ২ অক্টোবৰত শিলসাকোঁস্হিত জিএমডিএ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব।

আয়োজক সমিতিৰ তৰফৰ পৰা ছোৱান এছচিয়েছনৰ যুটীয়া সম্পাদক মুকুটেশ্বৰ গোস্বামী আৰু প্ৰশিক্ষক লম্বোধৰ ডেকাই জনোৱা মতে এইবাৰৰ প্ৰতিযোগিতাত বিভিন্ন বিভাগত মুঠ ৪০ ইভেণ্ট অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে। ইচ্ছুক প্ৰতিযোগীসকলক ছোৱান এছচিয়েছনৰ সম্পাদনক ৰুবুল বৰুৱা ৯১০১৫৫১৩১৯ অথবা ছোৱান এছচিয়েছনৰ প্ৰশিক্ষকদ্বয় লম্বোদৰ ডেকা ৯৮৬৪১২৯৭৮৫, প্ৰশান্ত দাস 9864072070  নম্বৰত যোগাযোগ কৰি যোগদান সুনিশ্চিত কৰাৰ বাবে অনুৰোধ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।