কোকৰাঝাৰৰ কাৰিগাঁৱত গৰু-ম'হ ভৰ্তি পাঁচখন ট্ৰাক জব্দ

 09/26/2019 - 20:28

কোকৰাঝাৰ: গৰু মাফিয়াক আটক কৰা লৈ ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ আৰক্ষীৰ মাজত শীতল যুদ্ধ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে কোকৰাঝাৰ আৰক্ষীয়ে কাৰিগাঁৱৰ ৩১ নম্বৰ (গ) ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই গৰু-ম'হ ভৰ্তি পাঁচখন ট্ৰাক জব্দ কৰিছে। বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় চাৰি বজাত পশ্চিম বংগৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত কোকৰাঝাৰ আৰক্ষীয়ে পাঁচখন ট্ৰাক জব্দ কৰাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে।

আৰক্ষীয়ে জব্দ কৰা চাৰিখন ট্ৰাকত মুঠ ৬৪ টা বহিৰাজ্যৰ গৰু থকাৰ বিপৰীতে আনখন ট্ৰাকত ১৪ টা ম'হ আছিল। ইপিনে পাঁচখন ট্ৰাকেৰে গৰু-ম'হ কঢ়িয়াই অনা হাট শিঙিমাৰীৰ মেচাৰ্চ পায়নিয়াৰ লাইফষ্টক এজেন্সিৰ স্বত্বাধিকাৰীসকলে কয় যে পাঁচখন ট্ৰাকেৰে ৬৪ টা গৰু আৰু ১৪ টা ম'হ সম্পূৰ্ণ বৈধভাৱে কঢ়িয়াই অনা হৈছে। এইক্ষেত্ৰত তেওঁলোকৰ ন্যায়ালয়ৰ অনুমতি, চালান, সকলো মজুত থকাৰ পিছতো কোকৰাঝাৰ আৰক্ষীয়ে ৰাতিপুৱা ৪:০০ বজাৰ পৰা আৱদ্ধ কৰি ৰখাত আশ্চৰ্য প্ৰকাশ কৰে।

কোকৰাঝাৰ আৰক্ষীয়ে অতি শীঘ্ৰেই তেওঁলোকক এৰি দিব বুলি আশা প্ৰকাশ কৰি পলম হ’লে গৰু-ম'হৰ ক্ষতি হ’ব পাৰে বুলি আশাংকা ব্যাক্ত কৰিছে। ইপিনে আৰক্ষীয়ে জীৱ-জন্তু পৰিৱহন আইন ১৮৭৮ ভংগ হোৱা বুলি সদৰি কৰিছে। তদুপৰি বীমাৰ ম্যাদ উকলিকৰণ যোৱা বুলিও সদৰি কৰি আৰক্ষীয়ে অচিৰেই জব্দকৃত পাঁচখন ট্ৰাক সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব বুলি সদৰি কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।