বৰপেটা জিলাৰ ৪৪নং জনিয়া সমষ্টি গুচি হ'ল ৩৪নং জনিয়া সমষ্টি

 09/27/2019 - 11:04

বৰপেটাঃ বৰপেটা জিলাৰ ৪৪নং‌ জনিয়া বিধানসভা সমষ্টিৰ উপ-নিৰ্বানৰ বাবে সম্ভাব্য প্ৰাৰ্থীৰ তিনিজনীয় পেনেল প্ৰকাশ পালে বিজেপিৰ। ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ সদস্য সচিব তথা সাংসদ দিলীপ শইকীয়াই প্ৰকাশ কৰিছে এই পেনেলত। পেনেলত আছে মজিবুৰ ৰহমান খান¸ আব্দুল চামাদ আৰু ইছমাইল হুছেইনৰ নাম। এই তিনিগৰাকীৰ ভিতৰতে বাচনি কৰা হ’ব চূড়ান্ত প্ৰাৰ্থী।

কিন্ত লক্ষ্যণীয়ভাবে পৰিৱৰ্তনকামী বিজেপি চৰকাৰে জনিয়া সমষ্টিৰ পৰিৱৰ্তন নিৰ্বাচনৰ পূৰ্বেই কৰি দিলে। ৪৪নং জনিয়া বিধানসভা গুচি হ'লগৈ ৩৪নং জনীয়া বিধানসভা। এইয়াই হ'ল পৰিৱৰ্তনকামী চৰকাৰৰ পৰিৱৰ্তন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।