বিজেপিত ক্ৰমাৎ এলাগী হৈ পৰিছে জ্যেষ্ঠ নেতা

 04/08/2019 - 16:59

ডিজিটেল ডেস্ক: বিজেপি এতিয়া সৰ্বত্রে মোডীময় হৈ পৰিছে। য'ত এতিয়া স্থান নাই বিজেপিৰ প্ৰাক্তন নেতাসকলৰ। বিজেপিয়ে আজি ২০১৯ বৰ্ষৰ নিৰ্বাচনী ইস্তাহাৰখন প্ৰকাশ কৰে।

দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত আজি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী, অধ্যক্ষ অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্রী ৰাজনাথ সিং, সুষমা স্বৰাজ, অৰুণ জেটলিসহ বিজেপিৰ বহুকেইজন নেতাৰ উপস্থিতিত প্ৰকাশ কৰা হয় ইস্তাহাৰখন।  

কিন্ত্ত বিজেপিৰ এই অনুষ্ঠানত দেখা পোৱা নগ'ল বিজেপিৰ বয়োজ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানি আৰু মুৰুলী মনোহৰ যোশীক। আনকি, ইস্তাহাৰখনতো দেখা পোৱা নগ'ল জ্যেষ্ঠ নেতাকেইগৰাকীৰ ফটো।​ 

মাজতে খবৰ ওলাইছিল যে, বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে বিজেপিৰ জ্যেষ্ঠ নেতাকেইগৰাকীক সাক্ষাৎ কৰিব কিন্ত্ত তেনে হোৱা দেখা নগ'ল।

বিজেপিৰ ইতিহাসত এইটো প্ৰথম ঘটনা য'ত বিজেপিৰ জ্যেষ্ঠ নেতাকেইগৰাকীয়ে স্থান নাপালে বিজেপিৰ ঘোষণাপত্র প্ৰকাশ কৰা অনুষ্ঠানত।

উল্লেখ্য যে, ২০১৪ চনৰ ইস্তাহাৰ প্ৰকাশত মুৰুলী মনোহৰ যোশীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.