বটদ্ৰৱাৰ জামুগুৰীত আমছুৰ সজাগতা সভা

 09/27/2019 - 11:37

বটদ্ৰৱা: সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ নগাঁও জিলা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে বটদ্ৰৱাৰ জামুগুৰীত এন আৰ চি, শিক্ষা, বাল্য বিবাহ তথা অসামাজিক কাৰ্যকলাপৰ ওপৰত এটি সজাগতা সভা অনুষ্ঠিত হৈ যায়। বিশিষ্ট সমাজসেৱক আবুল কাসেম চৌধুৰীৰ সভাপতিত্বত জামুগুৰী বাটমাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা সজাগতা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আনাৰুল হকে। সভাত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন কবিৰ উপস্থিত থাকি কয় যে, ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বৰ নথি পত্ৰ জমা দিয়া সত্বেও যি সকলৰ নাম এনআৰচিৰ প্ৰকাশিত খচৰাত উল্লেখ নাই সেই লোকসকলৰ মনত ভয় বা চিন্তাৰ কাৰণ নাই।

আমছুৱে গোটেই অসম ব্যাপি প্ৰকৃত ভাৰতীয় নাগৰিকৰ সুবিধাৰ্থে আইনী সাহাৰ্যৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সভাত আমছুৰ নগাঁও জিলা সমিতিৰ সভাপতি আব্দুল ৰহিমে অংশগ্ৰহণ কৰি কয় যে, আমাৰ শিশুসকলক শিক্ষাৰ মাধ্যমেৰে পোহৰাই তুলিব লাগিব, তেতিয়াহে এখন সুস্থ শৈক্ষিক সমাজ গঢ়ি উঠিব। লগতে বাল্যবিবাহ সন্দৰ্ভত ৰাইজক সজাগ হবলৈ আহবান জনাই। সভাত আমছুৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক আশ্ৰাফুল হুছেইনও ভাষণ প্ৰদান কৰে।

আমছুৰ নগাঁও জিলা সমিতিৰ প্ৰচাৰ সম্পাদক ছাইব আলী, আলিটাঙনী আঞ্চলিক সমিতিৰ সভাপতি ইলিয়াচ আহমেদ, হাজী ছামছুল হক, হাজী আব্দুল ৰেজ্জাক, সমাজসেৱক আব্দুল বাৰেক, আব্দুল হাসেনৰ উপস্থিতিত আমছুৰ নৱগঠিত জামুগুৰী, বাটমাৰীও ভোমোৰাগুৰী আঞ্চলিক সমিতিৰ বিষয়-ববীয়াক নগাঁও জিলা সমিতিৰ সভাপতিয়ে শপত বাক্য পাঠ কৰায়। সজাগতা সভাত আমছুৰ বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়-ববীয়াৰ লগতে প্ৰায় দুই শতাধিক লোক উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।