ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অঘটন

 09/28/2019 - 12:50

দলগাঁওঃ উদ্যানটোত নিশা বনবিভাগৰ আৰক্ষীৰে সৈতে চোৰাং চিকাৰীৰ গুলিয়াগুলি। ৰাষ্ট্ৰীয় উদ্যানৰ বিলপাৰত সংঘটিত হোৱা গুলিয়াগুলিত এজন চোৰাং চিকাৰী নিহত হয়। চোৰাং চিকাৰীজনৰ মৃতদেহ ৰাতিপুৱা উদ্ধাৰ হয় য়দিও নিহত চিকাৰীৰ পৰিচয় উদ্ধাৰ হোৱা নাই।। নিহত চোৰাং চিকাৰীজনক মৰনোত্তৰ পৰীক্ষাৰ বাবে মংগলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চোৰাং চিকাৰীজনৰ পৰা থ্ৰী নট থ্ৰী এটা ৰাইফল, এটা বেগ, কুঠাৰ আৰু পাঁচটা সজীৱ গুলী উদ্ধাৰ হৈছে। চোৰাং চিকাৰীৰ হাতত কেনেকৈ পৰিল নট থ্ৰী এটা ৰাইফল? কোনে যোগান ধৰিলে এই অত্যাধুনিক মাৰণাস্ত্ৰ? কোনো চৰকাৰী বিষয়া চোৰাং চিকাৰীৰ সৈতে সম্পৰ্ক আছে নেকি?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।