"বেটি বচাও বেটি পঢ়াও"ক লৈ ডিগবৈ ৰটাৰী ক্লাৱৰ মহিলাৰ এক সুন্দৰ প্ৰয়াস

 09/29/2019 - 13:02

ডিগবৈঃ ডিগবৈ টিংৰাইৰ ৰজনীকান্ত বিদ্যালয়ত 350 গৰাকী ছাত্ৰীৰ মাজত ডিগবৈ ৰটাৰী ক্লাৱৰ উদ্যোগত "বেটি বচাও বেটি পঢ়াও" আৰু যুৱতীসকলে কেনেদৰে নিজকে স্বাস্থ্যৰ ক্ষেত্ৰত নিজকে সুৰক্ষিত কৰিব পাৰিব সেই প্ৰয়াসেৰে এটি সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰে।

উক্ত অনুষ্ঠানৰ জৰিয়তে সৰুৰে পৰা এগৰাকী যুৱতীক স্বাস্থ্যৰ ক্ষেত্ৰত যিখিনি আসোঁৱাহ থাকে সেইখিনি দূৰ কৰিব পৰাকৈ চাফ-চিকুণতা, চেনিতাৰী নেপকিন বজাৰত ক্ৰয় কৰাৰ পৰিবৰ্তে নিজে ঘৰত কেনেদৰে প্ৰস্তুত কৰি ব্যৱহাৰ কৰিলে কেঞ্চাৰ জাতীয় ৰোগৰ পৰা বাচিব পৰা যায় সেই বিষয়ত সজাগতা কৰে। ইয়াৰ উপৰিও যুৱতীৰ সুৰক্ষাৰ ক্ষেত্ৰত কি কি চৰকাৰী আইন আছে তাক লৈও অৱগত কৰাই যুৱতীসকলক।

ইয়াৰ লগতে সমাগত দুৰ্গাপূজা সেয়েহে যুৱতীসকলৰ মাজত কেনেদৰে বিভিন্ন মাংগলিক কাৰ্যত ৰংগোলী আঁকি সুন্দৰ কৈ পৰিবেশ সজাই তুলিব পাৰি সেই বিষয়টো জ্ঞান আগবঢ়ায় ছাত্ৰীসকলক উপকৃত কৰায়। ৰতাৰী ক্লাৱৰ এইসকল মহিলাৰ এনে কৰ্মই সকলোৰে মাজত প্ৰশংসা লাভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।