ৰিপাব্লিকান পিপলচ পাৰ্টি অব ইণ্ডিয়াৰ বৰপেটা জিলা কমিটিৰ কাৰ্যালয় উদ্বোধন

 09/30/2019 - 11:53

বৰপেটাঃ ৰিপাব্লিকান  পিপলচ পাৰ্টি অব ইণ্ডিয়া চমুকৈ এন পি পিৰ বৰপেটা জিলা কমিটিৰ কাৰ্যালয়খন ৰবিবাৰে বৰপটাত উদ্বোধন কৰা হয়। উক্ত কাৰ্যালয়খন শুভ উদ্বোধন কৰে এন পি পিৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যবেক্ষক বিনোদ নিকালজীয়ে। কাৰ্যালয় উদ্বোধন কৰি দিয়া ভাষণত তেখেতে কয় যে ভাৰতীয় নাগৰিক সুৰক্ষা আৰু ধৰ্মনিৰপেক্ষ দৃষ্টিত সৰ্বাংগীন উন্নয়নৰ কথা ভবা একমাত্ৰ দল হৈছে এন পি পি।

ভাষণ প্ৰসংগত তেখেতে এনআৰচিৰ পৰা বাদ পৰা যিকোনো ভাৰতীয় হৈ সকলো প্ৰকাৰৰ সহায়ৰ হাত আগবঢ়োৱাৰ আশ্বাস দিয়ে। এন পি পি জিলা কমিটিৰ সভাপতি তথা যুৱ নেতা অধিবক্তা ছানোৱাৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত উদ্দেশ্য ব্যাখ্যা কৰে এন পি পি বৰপেটা জিলা কমিটিৰ কাৰ্যকাৰী সভাপতি বুবুল হাচানে।

নামনি অসমৰ আহ্বায়ক ছামাদ খানে আদৰণি ভাষণ দিয়া সভাত এন পি পিৰ ৰাজ্যিক সভাপতি হিতেশ দেউৰী, দলৰ অন্যতম নেতা আতিস কুমলে, ৰাজ্যিক সম্পাদক গৌৰীচৰণ ডেকা, শিক্ষাবিদ দিলিৰ খান, ডিব্ৰুগড় জিলা মহিলা গোটৰ সভানেত্ৰী উষা দাস, সম্পাদিকা ৰুনু বেগম, নলবাৰী জিলা কমিটিৰ সম্পাদক নজৰুল ইছলাম, বৰপেটা জিলা কমিটিৰ উপদেষ্টা আমিনুল হককে ধৰি বহু গৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।