বৰপেটাত আম আদমী পাৰ্টীৰ সংবাদমেল

 09/30/2019 - 13:26

বৰপেটাঃ জনিয়া বিধান সভাৰ উপ নিৰ্বাচনক লৈ বৰপেটা জিলা আম আদমী পাৰ্টীৰ তৰফৰ পৰা এক সংবাদমেল আয়োজন কৰা হয়। সংবাদমেলত উপস্থিত থাকে জনিয়া বিধান সভাৰ উপ নিৰ্বাচনৰ আম আদমী পাৰ্টীৰ প্ৰাৰ্থী ফাৰুক খানে। সংবাদমেলত ফাৰুক খানে উল্লেখ কৰে যে RTI'ৰ জড়িয়তে "ডি" ভোটাৰৰ ভোটদানৰ অধিকাৰ সম্পৰ্কে তথ্য বিচাৰি এক আৱেদন কৰা হৈছিলে।

কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ তৰফৰ পৰা এই তথ্য সদৰী কৰি কোৱা হয় যে "ডি" ভোটাৰ সকল ভোটদানৰ পৰা বঞ্চিত নহয়। এইয়া আম আদমী পাৰ্টীৰ বৃহৎ সফলতা বুলি অভিহিত কৰে প্ৰাৰ্থী ফাৰুক খানে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।