আৰ্থিক অৱস্থাই কোঙা কৰি তুলিছে এটা দুৰ্ভগীয়া পৰিয়ালক

 09/30/2019 - 13:33

ঢকুৱাখনাঃ সহায়ৰ হাত বিচাৰি কাতৰ আহ্বান সীমান্ত সন্দিকৈৰ পিতৃ-মাতৃৰ। ঢকুৱাখনা বিধান সভা সমষ্টিৰ পূৱ ঢকুৱাখনা পঞ্চায়তৰ অন্তৰ্গত ভোমোৰা আহোম গাঁৱৰ যোগীসূতি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ সীমান্ত। দুভাগ্যাজনকভাৱে ২৩ ছেপ্টেম্বৰ সোমবাৰে ঘৰৰ পৰা বিদ্যালয়লৈ গৈ থকা সময়তে দুৰ্ঘটনাত বাৰুকৈয়ে আঘাত প্ৰাপ্ত হোৱাৰ ফলত ততাতৈয়াকৈ ডিব্ৰুগড় অসম মেডিকেলত নিছিল যদিও আসন লাভ নকৰা কাৰণে ব্যক্তিগত আদিত্য নামৰ মেডিকেলত ভৰ্তি কৰায় ।

চিকিৎসাৰ ঔষধৰ লগতে বিভিন্ন ধৰণৰ খৰচৰ নামত প্ৰায় ডেৰ লাখ টকা ব্যয় হয়। চিকিৎসা সম্পূৰ্ণ কৰি মোকলাই অনাৰ কাৰণে প্ৰায় ২লাখ টকাৰ প্ৰয়োজন হ’ব বুলি চিকিৎসকে জনোৱাৰ পাছত এতিয়া দিক বিদিক হেৰুৱাইছে দৰিদ্ৰ পৰিয়ালকটোৱে।

পিতৃ ফনিন্দ্ৰ সন্দিকৈ আৰু মাতৃ কৰবী সন্দিকৈ প্ৰথম পুত্ৰ সীমান্তৰ চিকিৎসাৰ নামত ঘৰৰ পোহনীয়া গৰু, ছাগলী, গাহৰি, হাঁহ,কুকুৰা, সা-সম্পত্তি, মাটিৰ বন্ধকত দিয়াৰ লগতে সাঁচতীয়া ধনেৰেও পৰ্যাপ্ত হোৱা নাই। ইতিমধ্যে গাড়ীৰ মালিক, বিদ্যালয়ৰ ছাত্র-ছাত্ৰী আৰু শিক্ষক সকলে ইতিমধ্যে সহায়ৰৰ হাত আগবঢ়াইছে যদিও এইয়াই যথেষ্ট নহয়। সেয়েহে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে হৃদয়বান ব্যক্তি, দল সংগঠন, ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলে লগতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰ্থিক সাহায্য কামনা কৰিছে। মাতৃৰ একান্টৰ নাম- কাৰাবী দিহিঙীয়া সন্দিকৈ, একান্টৰ নং ৩১২৩০২৩৬৯৪৩, চি আই এফ নং৮৫৮১২৬৮৯২১২, ব্ৰাঞ্চ নং১০৭৬০, যোগাযোগ নং৬০০১৩১৪২৮৯

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।