লাহৰীঘাটত ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰক্ষৰ

 10/01/2019 - 15:06

লাহৰীঘাটঃ সমগ্ৰ ৰাজ্যতে ১ছেপ্তেম্বৰৰ পৰা ৩০ ছেপ্তেম্বৰলৈ মাহজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পোষণ মাহ উৎযাপন কৰি অহা হৈছে। ৰাষ্ট্ৰীয় পোষণ মাহৰ অন্তিম দিনা মৰিগাঁও জিলা প্ৰশাসন, সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ সহযোগ লাহৰীঘাটৰ কুশতলিত ৰাষ্ট্ৰীয় পোষণৰ লগত সংগতি ৰাখি জনজাতীয় সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানত লাহৰীঘাটৰ বিভিন্ন অংগনবাদী কেন্দ্ৰৰ কণ-কণ শিশু সকলে বিভিন্ন নৃত্য-গীত পৰিৱেশন কৰাৰ লগতে লাহৰীঘাট শিশু সংহত শিশু উন্নয়ন প্ৰকল্পৰ কৰ্মীয়ে পোষণ সম্পৰ্কে সজাগতা মূলক নাট প্ৰদৰ্শন কৰে। অনুষ্ঠানত ৰাজ্যৰ বন আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰক্ষ্মই উপস্থিত থাকি ভাষণ প্ৰসংগত অভিলাষী পোষণ আচঁনিখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন বুলি উল্লেখ কৰে।

আৰু এই সপোনক বাস্তৱত ৰূপায়িত কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে অন্যান্য আঁচনিসমূৰ দৰে এই পোষণ আঁচনিটোৰ বাবেও বহু চেষ্টা অব্যাহত ৰাখিছে। সঠিকভাৱে পুষ্টি নাপালে এজন শিশু শক্তিশালী হোৱাৰ ক্ষেত্ৰত বহু বাধা আহি পৰে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে পুষ্টিকৰ প্ৰতি সজাগতা আনিবলৈ মাহজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পুষ্টি মাহ উৎযাপন কৰা হৈছে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ বন আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰক্ষ্ম, বিধায়ক ৰমাকান্ত দেউৰী, মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা, সমাজ কল্যাণ বিভাগৰ আয়ুক্ত সচিব ৰূপম মজুমদাৰ লগতে জিলাৰ বিভিন্ন বিভাগৰ বিষয়াসকল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।