নলবাৰীত পুনৰ জব্দ হ’ল বহু পৰিমাণৰ নিচাযুক্ত টেবলেট

 10/02/2019 - 17:38

নলবাৰীঃ ড্ৰাগছৰ ঘাটিত পৰিণত নলবাৰীত পুনৰ জব্দ হল বহু পৰিমাণৰ নিচাযুক্ত টেবলেট। আৰক্ষী অধীক্ষক অমনজিত কৌৰৰ নিৰ্দেশত নলবাৰী আৰক্ষীয়ে ধাৰাবাহিকভাৱে চলাইছে ড্ৰাগছ বিৰোধী অভিযান। আৰু গান্ধীজয়ন্তীৰ দিনাই নলবাৰী সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতাৰ নেতৃত্বত চলে ড্ৰাগছ বিৰোধী অভিযান।

নলবাৰীৰ ইচলামচুবাৰ নুৰুল আলিৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে। এই নিচাযুক্ত টেবলেটৰ ব্যৱসায়ৰ লগত জড়িত নুৰুল আলি, বৈতুল্লাহ আলি আৰু জাহানাৰা বেগমক আটক কৰে আৰক্ষীয়ে। উল্লেখযোগ্য যে নুৰুল আলি পূৰ্বেও এই ড্ৰাগছৰ ব্যৱসায় চলাই ৰঙা ঘৰৰ আলহী হৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।