বৰপেটাত ব্ৰাউন চুগাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

 10/02/2019 - 18:52

বৰপেটাঃ বৰপেটাৰোডৰ শিমলাগুৰিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ব্ৰাউনচুগাৰসহ দুজনক আটক৷ ধৃত যুৱক দুজন হল বৰপেটাৰ বহৰিৰ ইমাৰণ দেৱান আৰু চাৰজুল ইছলাম, ইয়াৰে ইমাৰণ দেৱান আকৌ হাউলীৰ বি এইছ মহাবিদ্যালয়ৰ ছাত্ৰ৷ ধৃত যুৱক দুজনে বৰপেটাৰোড অঞ্চলৰ একাংশ কলেজীয়া ছাত্ৰক যোগান ধৰে ড্ৰাগছ৷

আৰক্ষীয়ে যুৱকজনৰ পৰা জব্দ কৰে চাৰি পেকেট ব্ৰাউন চুগাৰ৷ যাৰ বজাৰ মূল্য প্ৰায় ৩০ লাখ টকা৷ যুৱকদুজনৰ পৰা দুটা মোবাইল আৰু নম্বৰ বিহীন এখন স্কুটি জব্দ কৰে আৰক্ষীয়ে৷ সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে বৰপেটাৰোড আৰক্ষীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।