গোটৰ টকা পৰিশোধ কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাছি ল’লে গোলাঘাটৰ এজন যুৱকে

 10/03/2019 - 15:36

গোলাঘাটঃ গোটৰ টকা পৰিশোধ কৰিব নোৱাৰি চৰম পথ বাছি ললে গোলাঘাটৰ এজন বিবাহিত পুৰুষে। গোলাঘাটৰ পুৰাজংঘলৰ কমল দাস নামৰ ব্যক্তিজনে ঘৰৰ চৌহদতে ওলমিলে এজোপা গছত। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য অঞ্চলটোত। দুখৰ ওপৰত দুখে যেন হতাশ কৰি তুলিছিল। কাৰণ শেহতীয়াকৈ পৰকীয়া প্ৰেমত পৰি কলমৰ পত্নীয়ে পলাই গৈছিল কমলক এৰি।

তাৰ পিছত কমলৰ পত্নীয়ে খেলা গোটৰ টকা লৈ ঘূৰাই নিদিয়াত গোটটোৰ আন মহিলাসকলে টকা ঘূৰাই দিয়াৰ বাবে হেচা প্ৰয়োগ কৰিছিল কমলক। আৰু তাৰ পিছৰ পৰিস্হিতি এইয়া। বৰ্তমান কমলক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰাই গোলাঘাট আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।